NORTHEAST NOW (Assamese)
Popular Stories

বাঘজান অগ্নিকাণ্ড; আমেৰিকা আৰু কানাডাৰ পৰা আহিব ৩ গৰাকী এক্সপাৰ্ট

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী June 11, 2020 6:35 pm
Baghjan fire: Two senior officials of OIL suspended

বাঘজানৰ গেছখাদত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে অহা দুদিনৰ ভিতৰত আমেৰিকা আৰু কানাডাৰ পৰা ৩ গৰাকী বিশেষজ্ঞ অসম আহি পাব।

অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ প্ৰবন্ধক (পাব্লিক এফেয়াৰ্ছ) জয়ন্ত বৰমুডৈয়ে আজি নৰ্থ-ইষ্ট নাওক এই কথা সদৰী কৰি কয়, ‘জুইৰ পৰিসৰ সমীপৰ গাঁৱৰ পৰা নিয়ন্ত্ৰণ কৰি আনি খাদলৈকে সীমিত কৰা হৈছে। ওচৰৰ ঠাইসমূহৰ পৰা কোনোধৰণৰ অগ্নিকাণ্ডৰ খবৰ অহা নাই।‘

অৱশ্যে প্ৰয়োজনত লগাকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰখা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

তেওঁ আৰু কয় যে মাকুম, বাৰেকুৰি, হাপজান, লংকাষী, নগাজান, হেবেদা আৰু ধকুল আদি অঞ্চলত স্থানীয় লোক আৰু বিভিন্ন সংগঠনে অৱৰোধ কৰাৰ ফলত গেছ আৰু তেলৰ উৎপাদন ক্ষতিগ্ৰস্থ হৈছে।

বুধবাৰৰ দিনটোত অইলে খাৰুৱা তেলৰ উৎপাদনত ৪৬৭ মেট্ৰিক টনৰ লোকচন ভৰিব লগা হয় বুলি তেওঁ জনায়।

সম্প্ৰতি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী, তীখা মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈ থকাৰ লগতে অইলক প্ৰয়োজনীয় সকলোধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে ইতিমধ্যে যোৱা সোমবাৰৰ পৰা ছিংগাপুৰৰ পৰা তিনি গৰাকী এক্সপাৰ্টে গেছখাদৰ জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে।