NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত কৃষি বিভাগৰ উদ্যোগত থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল ডিমাপুৰলৈ প্ৰেৰণ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 31, 2021 9:43 am
Golaghat vegetables

গোলাঘাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সৌজন্যত উদ্যান শস্য আঁচনিৰ অধীনত শুকুৰবাৰে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ পৰা থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল নাগালেণ্ডৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়।

জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ফল-মূলৰ গাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।

উপায়ুক্তগৰাকীয়ে কয় যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জিলাখনৰ বিভিন্ন ঠাইৰ খেতিয়কসকলক এখন বজাৰ দিয়াৰ বাবে কৃষি বিভাগে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে।

কৃষি বিভাগে এই কাৰ্যসূচীৰ অধীনত নিজা পৰিবহন ব্যয়েৰে ফল-মূলসমূহ ডিমাপুৰলৈ প্ৰেৰণ কৰাই নহয়, বৰং তাৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ স্থাপন কৰি বিক্ৰীৰো ব্যৱস্থা কৰিছে।

আনহাতে, জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে গাড়ীখনত এইবাৰ এহেজাৰটা আনাৰস, ২০ থোকা কল, ১,৫০০ গুটি নোহোৱা নেমু আৰু বুজন পৰিমাণৰ কঁঠাল ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।

পৰৱৰ্তী সময়ত অঞ্চলটোৰ খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাটো সুনিশ্চিত কৰাৰ বাবে এনেকৈয়ে নিয়মীয়াকৈ চুবুৰীয়া ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে খেতিয়কসকলে উৎপাদিত সামগ্ৰীৰ এখন বজাৰৰ বাবে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত কৃষি বিভাগৰ এই প্ৰয়াস আদৰণীয় হিচাপে পৰিগণিত হৈছে।