NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ ছুইমিং ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 31, 2021 4:59 pm
lavv

শিৱসাগৰ পুৰণা আমোলাপট্টি গোহাঁই চুকত অৱস্থিত শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অনুষ্টুপীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।

লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা ছুইমিং পুলত আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰশিক্ষাৰ্থীসকলে সামান্য অনুশীলন কৰে।

আজি প্ৰশিক্ষাৰ্থী, অভিভাৱক আৰু পুলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত কে’ক কটা পৰ্বৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলক উপহাৰ প্ৰদান কৰা হয়।

Himanta-Biswa-Sarma-5-750x375

ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰ ছুইমিং ছ’চাইটিয়ে সুনাম অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অলপতে এই ছ’চাইটিৰ প্ৰশিক্ষাৰ্থী বাচিত আহমেদ আৰু আদিত্য থাপাই বাংগালুৰুৰ আৰ্মি একাডেমিত উন্নত প্ৰশিক্ষণৰ বাবে সুবিধা লাভ কৰিছে।

আজিৰ অনুষ্ঠানত অসম ছুইমিং ছ’চাইটিৰ সভাপতি ৰঞ্জিৎ বৰগোহাঁই, শিৱসাগৰ ছুইমিং ছ’চাইটিৰ সম্পাদক অমূল্য বৰুৱা, প্ৰশিক্ষকদ্বয় পলাশ বৰুৱা, পংকজ চেতিয়াকে প্ৰমুখ্যে কৰি অভিভাৱক-প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।