NORTHEAST NOW (Assamese)
অসম

উন্নয়ন নকৰাৰ শাস্তি! বিজেপি বিধায়কক সুদা ভৰিৰে পথৰ লেতেৰা পানীত খোজকাঢ়িবলৈ দিলে গাঁওবাসীয়ে, ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2021 4:16 pm
kka

নিৰ্বাচনৰ সময়ত জনতাৰ কাষলৈ গৈ ইটো কৰি দিম, সিটো কৰি দিম বুলি ৰাজনীতিকে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায়বোৰেই সময়ত ৰূপায়ণ নহয়।

ভোটৰ সময়ত দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনত জিকাৰ পিছত পাহৰি যায় ৰাজনীতিকে।

সাধাৰণ জনতায়ো সকলো কথা নিৰ্বিবাদে মানি ল’বলগীয়া হয়। কিন্তু ৰাজনীতিকৰ এনে চলনা আন বহুতে মানি লোৱাৰ দৰে মানিবলৈ প্ৰস্তুত নহয় উত্তৰ প্ৰদেশৰ গড়মুক্তেশ্বৰ বিধানসভা সমষ্টিৰ জনতাই।

সেয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বিজেপিৰ বিধায়কক সমষ্টিটোৰ ৰাইজে দিলে উচিৎ শিক্ষা।

গড়মুক্তেশ্বৰ সমষ্টিৰ বিজেপিৰ বিধায়ক কমল সিং মালিকে নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ ৰাস্তা-ঘাট আদিৰ উন্নয়ন কৰিব বুলি কৈছিল।

কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰা চাৰি বছৰ ধৰি সমষ্টিটোলৈ অহা নাছিল বিধায়কগৰাকী।

কিন্তু শেহতীয়াকৈ সমষ্টিটোৰ হাপুৰলৈ বিধায়কগৰাকী অহাৰ খবৰ পোৱাৰ পিছতে গাঁৱৰ বহুলোকে হাপুৰলৈ গৈ কাম নকৰা বিধায়কগৰাকীক সুদা ভৰিৰে ৰাস্তাৰ বোকা-পানীত খোজকাঢ়িবলৈ বাধ্য কৰোৱায়।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সকলোৱে কৈছে— কাম নকৰা বিধায়কৰ এনে শাস্তিয়েই হ’ব লাগে।