NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জাতীয় সংগঠনৰ নেতাৰ পৃষ্ঠপোষকতাতে পাৰ্কিঙৰ নামত চিণ্ডিকেটৰাজ!

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 2, 2021 3:57 pm
kka

শিৱসাগৰ পৌৰসভাই ধাৰ্য কৰা পাৰ্কিং মাচুলতকৈ ১০ গুণ বেছি মাচুল  সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে  ডাঙৰ যানবাহন পাৰ্কিঙৰ লেচী ৰিদিপ ডেকাৰ বিৰুদ্ধে।

উল্লেখ্য যে এটা জাতীয় সংগঠনৰ  জয়সাগৰ আঞ্চলিকৰ নেতা  ৰিদিপ ডেকা।

ডেকাই এইবাৰ লাভ কৰিছে শিৱসাগৰ পৌৰসভাৰ ডাঙৰ গাড়ীৰ পাৰ্কিং।

পৌৰসভাৰ চৰ্তাৱলী অনুসৰি লেচী গৰাকীয়ে সংগ্ৰহ কৰিব পাৰে প্ৰতিখন সৰু গাড়ীৰ পৰা ১০ টকা  আৰু প্ৰতিখন ডাঙৰ গাড়ীৰ পৰা ২০ টকা।

কিন্তু লেচী গৰাকীয়ে প্ৰতিখন গাড়ীৰ পৰা ১৫০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি থকাৰ অভিযোগ কৰে গাড়ীৰ চালক সকলে।

এইদৰেই  শিৱসাগৰৰ মাজমজিয়াত চলি আছে ডাঙৰ গাড়ীৰ পাৰ্কিংৰ নামত চিণ্ডিকেট।

সকলো দেখিও এতিয়া চকু মুদা কুলিৰ ভাৱত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ পৌৰসভা।

উল্লেখ্য যে দেশৰ বিভিন্ন স্থানৰ পৰা আলু-দাইল, চাউল,মাছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ভৰ্তি প্ৰায় শতাধিক ট্ৰাক পুৱাই প্ৰৱেশ কৰে শিৱসাগৰ নগৰত ।

কিন্তু খোদ সংগঠনৰ নেতাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এনে চিণ্ডিকেটৰ বাবে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ আন প্ৰান্তৰ তুলনাত শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ।