NORTHEAST NOW (Assamese)
অসম

মল্লযুদ্ধ,জেভলীন থ্ৰ’: অলিম্পিকত উজলিল তিনি ক্ৰীড়া তাৰকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2021 2:04 pm
assaaaa

টকিঅ’ত অনুষ্ঠিত অলিম্পিকত আজি উজলি উঠে তিনি ভাৰতীয় ক্ৰীড়া প্ৰতিভা।মল্ল যুদ্ধত আজি ভাৰতীয় মল্লযোদ্ধা ৰবী কুমাৰ দাহিয়াই প্ৰৱেশ কৰে কোৱাৰ্টাৰ ফাইনেলত।

খেলুৱৈগৰাকীয়ে ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ৰবী কুমাৰ প্ৰৱেশ কৰে কোৱাৰ্টাৰ ফাইনেলত।

মল্লযোদ্ধা ৰবীয়ে পৰাস্ত কৰে কলম্বিয়াৰ খেলুৱৈক।

একেদৰে আন এগৰাকী মল্লযোদ্ধা দীপক পুনিয়াই অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৰুষৰ ৮৬ কেজি ফ্ৰী ষ্টাইলতকোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।তেওঁ প্ৰি-কোৱাৰ্টাৰাত নাইজেৰিয়াৰ ডি এম টেইলৰক পৰাস্ত কৰে।

ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই পুৰুষৰ জেভলীন থ্ৰ’ত ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ৮৬. ৬৫ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে তেওঁ পাটিয়ালাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰা পি-৩ ত ৮৮.০৭ মিটাৰ দলিয়াই ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। ৰিঅ’ অলিম্পিকতো তেওঁ ৮৫.৩৮ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অধিকাৰ কৰিছিল।

নিৰোজ চোপ্ৰাকলৈ সেয়ে ভাৰতে বহু আশা কৰিছে।