NORTHEAST NOW (Assamese)
Popular Stories

১৫ আগষ্টৰ দিনাই প্ৰতিবাদ সাব্যস্ত এটা পৰিয়ালৰ; বাহিৰাগত ব্যৱসায়ীয়ে দখল কৰিলে পৈতৃক সম্পত্তি

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 16, 2019 6:33 pm

১৫ আগষ্ট, দেশৰ স্বাধীনতা দিৱসৰ দিনাই শিৱসাগৰত এটা দৰিদ্ৰ পৰিয়ালে নিজৰ পৈতৃক সম্পত্তি উদ্ধাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিৱাসাগৰৰ পিয়লি পথৰ প্ৰয়াত উপেন্দ্ৰ নাথ গগৈৰ পৰিয়ালটোৱে মুখত ক’লা কাপোৰ বান্ধি পিয়লি নগৰৰ পথৰ কাষত ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

পৰিয়ালৰ অভিযোগ শিৱসাগৰ নগৰৰ হস্পিতেল ৰোডত প্ৰয়াত উপেন্দ্ৰনাথ গগৈৰ নামত নামজাৰি হৈ থকা ২৭৫৮ দাগ আৰু ২১ নং একচনা পট্টাৰ প্ৰায় ২ কঠা ৪ লোচা মাটি কলকাতাৰ মনিষ দাস নামৰ এজন ব্যৱসায়ীয়ে দাবী-ধমকিৰে বেদখল কৰাৰ।

এই বেদখল বিষয়টোক লৈ যোৱা ৩১ জুলাইতো পৰিয়ালটোৱে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

১৫ আগষ্টৰ দিনা প্ৰতিবাদস্থলীত উপস্থিত থকা উপেন্দ্ৰনাথ গগৈৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ গগৈয়ে সংবাদ মাধ্যমক কয় যে, পিতৃৰ মৃত্যুৰ পিছত তেওঁ আৰু আৰু তেওঁৰ ভাতৃ প্ৰবীণ গগৈয়ে কৰ্ম সংস্থাপনৰ বাবে তিনিচুকীয়ালৈ গৈছিল। সেই সময়ত তেওঁৰ মাতৃ প্ৰয়াত অন্নলতা গগৈক মনিষ দাসে টেণ্ট হাউছৰ ব্যয়সায় কৰা উদ্দেশ্যে বাঁহ ৰাখিবৰ বাবে উক্ত ভূমি বিচাৰি অনুৰোধ কৰিছিল।

সেই অনুসৰি অন্নলতা গগৈয়ে সেই ভূমি মাহেকীয়া ভাড়া সূত্ৰে মনিষ দাসক বাঁহ ৰখাৰ বাবে অনুমতি দিয়ে। কিন্তু পিছলৈ মনিষ দাসে উক্ত ভূমিত ঘৰ-দুৱাৰ সাজি দখল কৰিবলৈ লয়। উপেন্দ্ৰনাথ গগৈৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ গগৈয়ে কয়।

তাৰোপৰি গগৈয়ে কয় যে মনিষ দাসক মাটি সমূহৰ ভাড়া আদায় দিবলৈ কোৱাৰ লগতে ঘৰ সমূহ মাটি খালি কৰি দিবলৈ হেঁচা কোৱাত দাসে তেওঁলোকক ভয়-ভাবুকিহে দিয়ে।

গতিকে প্ৰতিবাদস্থলীৰ পৰাই প্ৰদীপ গগৈয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ কৰিবৰ বাবে অনুৰোধ জনায়।

আনহাতে প্ৰদীপ গগৈৰ ভতিজী নয়নমণি গগৈয়েও তেওঁলোকৰ পৰিয়ালটোৱে ন্যায় নোপোৱালৈকে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

ইফালে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰত এটা খিলঞ্জীয়া পৰিয়ালে ন্যায় বিচাৰি স্বাধীনতা দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি সংগঠনটোৱে কালি প্ৰতিবাদস্থলীৰ পৰাই এলানি আন্দোলন ঘোষণা কৰিছে।

সেই অনুসৰি ২১ আগষ্টত সংগঠনটোৱে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে।