NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ লাওঁখোৱাত দ’ জলাশয়ত উদ্ধাৰ স্থানীয় মহিলাৰ মৃতদেহ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা August 16, 2019 6:43 pm
local women dead body

এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওঁখোৱাৰ ২নং ভূৰবন্ধাত এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে অঞ্চলটোৰ এটা দ’ জলাশয়ত স্থানীয় ৰাইজে প্ৰমীলা মণ্ডল নামৰ  মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আমবাগান আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীয়ে পৰৱৰ্তীসময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়া কৰ্মস্থলীৰ পৰা নিজৰ ঘৰ অভিমুখে উভতি অহা সময়ৰ পৰাই তিনিটা সন্তানৰ মাতৃ প্ৰমীলা মণ্ডল সন্ধানহীন হৈ আছিল।

স্থানীয় ৰাইজে আৰক্ষীৰ তদন্তত মহিলাগৰাকীয়ে আত্মহত্যা কৰিছিল নে পৰিকল্পিতভাৱে তেওঁক কোনোবাই হত্যা কৰিছিল সেই কথা পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে।