NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চাঞ্চল্য, মাতৃক লোৰ ৰ’দেৰে মৰিয়াই হত্যা কৰিলে পুত্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2021 2:28 pm
mamm

গুৱাহাটী মহানগীৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

মালিগাঁৱৰ ৰেষ্টকেম্পত বাস কৰা পূৰবী দে’ মণ্ডলে (৫০) নামৰ মহিলাগৰাকীক তেওঁৰ পুত্ৰই লোৰ ৰ’দেৰে মৰিয়াই হত্যা কৰাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিপাংকৰ দে’ মণ্ডলে (২৬) নামৰ যুক জনে মাতৃক হত্যা কৰাৰ পিছতে জালুকবাৰী আৰক্ষী চকীত আত্মসমর্পণ কৰিছে।

জানিব পৰা মতে মালিগাঁৱৰ ৰেষ্টকেম্পত থকা বাসভৱনত পূৰবী দে’ মণ্ডলে পূজা কৰি থকাৰ সময়তে পুত্ৰ দীপাংকৰে পিছপিনৰ পৰা গৈ মাতৃৰ মূৰত লোৰ ৰ’দেৰে প্ৰচণ্ড কোব শোধায়।

ফলত বিকট চিঞৰ মাৰি মহিলাগৰাকী ঢলি পৰে।

ওচৰ-চুবুৰীয়াই চিঞৰ শুনি ঘটনাস্থলীলৈ আহি মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে।

মাতৃ হত্যাকাৰী পুত্ৰ দীপাংকৰ নিচাসক্ত বুলি একাংশ লোকে প্ৰকাশ কৰিছে। কি কাৰণত দীপাংকৰে মাতৃক হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে মৃতদেহটো চমজিলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।