NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত খৰি বিচাৰি গৈ যুৱকৰ কৰুণ মৃত্যু, ওৰে নিশা ঘটনাস্থলীতে পৰি থাকিল মৃতদেহ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম August 5, 2021 11:47 am
mojk

বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাৰ মুখৰ গড়ত অঘটন ।

নিশাৰ ভাগত খৰি বিচাৰি গছৰ ডাল কাটিবলৈ গৈছিল কুনুন খদালৰ নামৰ ২০ বছৰীয়া এজন যুৱক ।

কিন্তু দুৰ্ভাগ্যবশতঃ গছৰ ডাল ভাঙি পৰে বৈদ্যুতিক তাৰত আৰু সেই সময়ত বৈদ্যুতিক তাঁৰত লাগি থিতাতে নিহত হয় কুনুন খদাল নামৰ প্ৰায় ২০ বছৰীয়া এজন যুৱক ।

কুনুন খদালৰ ঘৰ প্ৰতাপ গড় চাহ বাগিচাৰ সাধাৰুৰ ১ নং লাইনত।

সন্দেহ অনুসৰি নিশা প্ৰায় ১০:৩০ – ১১ মান বজাত এই ঘটনা সংঘটিত হোৱাৰ পিছত নিশাতো তেনেকৈ ঘটনাস্থলীতে পৰি থাকে কুনুন খদালৰ মৃতদেহ ।

পুৱাৰ ভাগত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত উপস্থিত হয় বিশ্বনাথ আৰক্ষীৰ দল ।