NORTHEAST NOW (Assamese)
অসম

২১ আগষ্টত বিজেপিত যোগদানৰ সম্ভাৱনা ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2021 11:30 am
pkkh

কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ পিছত এইবাৰ ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি অহা ২১ আগষ্টত ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে আৰম্ভনিৰে পৰাই বিজেপিত যোগদান কৰাৰ বাতৰি অস্বীকাৰ কৰি আহিছে।

কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ভৱেশ কলিতাৰ মতে অহা মাহৰ শেষৰ পিনে ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰিব।

ইয়াৰ মাজতে তালুকদাৰে ২১ আগষ্টত বিজেপিত যোদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

মুখোমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী শূন্য কৰাৰ যি মন্তব্য কৰিছিল সেয়াই এতিয়া হ’বলৈ গৈ আছে নেকি বুলিও বহুতৰ মাজত চৰ্চা হৈছে।

অৱশ্যে সময়তহে স্পষ্ট হ’ব ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰে নে নাই।