NORTHEAST NOW (Assamese)
অসম

এটা ফেচবুক পোষ্ট; চোৰে চুৰ কৰি নিয়া চাইকেল ঘূৰাই দি গ’ল বিধায়ক মৃণাল শইকীয়াক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 6, 2021 9:33 am
Bicycle of MLA Mrinal Saikia

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত বিধায়ক মৃণাল শইকীয়াৰ চাইকেলখন বিধায়ক আবাসৰ পৰাই কোনো লোকে লৈ যায়।

তাৰ পাছতে বিধানসভাৰ অধ্যক্ষৰ সচিবক বিষয়টো লিখিত আকাৰত অৱগত কৰাৰ লগতে ফেচবুক পোষ্টযোগে চাইকেলখন লৈ যোৱা ঠাইতে পুনৰ থৈ যাবলৈ আহ্বান জনাইছিল শইকীয়াই।

ইয়াৰ পাছতে আজি পুৱাই চাইকেলখন কোনো লোকে পূৰ্বৰ স্থানতে থৈ যায়হি বুলি বিধায়কজনে জনাইছে।

এক ফেচবুক পোষ্টযোগে তেওঁ চাইকেলখন ঘূৰাই থৈ যোৱা অজ্ঞাত লোকজনক ধন্যবাদ জনায় আৰু লগতে কয়, “আপুনি যদি বহুত অভাৱৰ বাবে এই কৰ্ম কৰিছিল তেন্তে মোৰ পৰা অকণমান সহায় আহি লৈ যাওঁক, মই যি পাৰো সহায় কৰিম।”

উল্লেখযোগ্য যে, বিধায়ক আৱাসৰ নিৰাপত্তাৰ ক্ষেত্ৰত পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰি বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চোৰৰ পাছতে বিধায়ক মৃণাল শইকীয়াৰ চাইকেলখন চোৰে চুৰ কৰি লৈ গৈছিল।