NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঁয়া লগা ৰূপ; এজন সচিবে চম্ভালে একাধিক গাঁও পঞ্চায়ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 6, 2021 12:11 pm
Panchayat secretary

যি সময়ত গ্ৰাম্য উন্নয়নৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি ন-ন আঁচনি ৰূপায়নৰ কথা ঘোষণা কৰিছে সেই সময়ত এই সমূহ আঁচনি ৰূপায়নৰ বাবে বিভাগটোত প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে আঁচনি সমূহৰ ৰূপায়নত অন্তৰায়ৰ সৃষ্টি হৈছে।

বিশেষকৈ গাঁও পঞ্চায়ত সমূহত পঞ্চায়ত সচিবৰ নাটনিয়ে গ্ৰামোন্নয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে বাধাগ্ৰস্ত কৰি তুলিছে।

যোৰহাট জিলাত থকা নব্বৈ খন গাঁও পঞ্চায়তৰ বিপৰীতে পঞ্চায়ত সচিব আছে কেৱল উনচল্লিশ জন।

ইয়াৰে আকৌ তিনিগৰাকী সচিবক স্বাস্থ্যজনিত কাৰণত সচিব পদৰ পৰিবৰ্তে কাৰ্যালয়ত কাৰ্যনিৰ্বাহৰ অনুমতি প্ৰদান কৰা হৈছে।

ফলত অৱশিষ্ট সচিবসকলৰ এজন সচিবে তিনি-চাৰি খন গাঁও পঞ্চায়তৰ সচিবৰ দায়িত্ব পালন কৰিব লগা হৈছে।

এনেদৰে এজন সচিবে কেইবাখনো পঞ্চায়তৰ দায়িত্ব চম্ভালিব লগা হোৱাৰ বাবে নানান অসুবিধাৰ সন্মুখীন হৈছে পঞ্চায়তৰ সাধাৰণ বাসিন্দা সকল।

তদুপৰি, উন্নয়নৰ বাবে আবন্টিত পুঁজি সঠিক সময়ত ৰূপায়নৰ বাবে মুকলি কৰি দিব নোৱাৰাত স্তব্ধ হৈ পৰিছে উন্নয়ন।

চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৰ কাম কাজ ক্ষীপ্ৰতৰ কৰি তোলাৰ কথা সভাই সমিতিয়ে কৈ আহিছে যদিও বিভাগটোত বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে উন্নয়নমূলক কামকাজ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে ।