NORTHEAST NOW (Assamese)
অসম

হাজোত পুখুৰীত বিষ দি ২০ লাখ টকাৰ মাছ নিধন দুৰ্বৃত্তৰ; মূৰে-কপালে হাত মীন পালকৰ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা August 6, 2021 12:39 pm
poison pour in fishery at Hajo

হাজোৰ নতুন দিহিনাৰ দক্ষিণ শিংৰাত ২০ লাখ টকাৰ মাছ নিধন কৰিছে দুৰ্বৃত্তই।

দুৰ্বৃত্তই পুখুৰীত বিষ ঢালি নিধন কৰিলে লাখ লাখ টকাৰ মাছ।

বৃহস্পতিবাৰে নিশাৰ ভাগত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

নুৰ মহম্মদ নামৰ এজন লোকৰ পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিছে এই জঘন্য কাণ্ড।

যাৰ ফলত পুৱাৰে পৰা এনেদৰে পুখুৰীটোত উপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইন্টলে কুইন্টলে লাখ লাখ টকাৰ মাছ।

আত্মনিৰ্ভৰ শীল হোৱাৰ স্বাৰ্থত নুৰ মহম্মদে গঢ়িছিল মীন পালনৰ সপোন।

ছয় বিঘা মাটিৰ পুখুৰীত বেংকৰ ঋণ লৈ মাছ পালন কৰিছিল নুৰমহম্মদে।

এই ঘটনাৰ পাছতে এতিয়া পুখুৰীৰ পাৰত হিয়া ধাকুৰি কান্দিছে মৎসপালক নুৰমহম্মদ আৰু পৰিয়ালৰ লোকে।

ইতিমধ্যে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নুৰমহম্মদৰ পৰিয়ালে।

এনে ঘটনা প্ৰত্যক্ষ কৰি ৰাইজে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে।