NORTHEAST NOW (Assamese)
অসম

মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন August 10, 2021 6:49 am
cylinder seized

গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ দৈগ্ৰোঙ আৰু ২ নং পংকা গ্ৰেণ্টত সোমবাৰে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ সহযোগত এক অভিযান চলায়।

গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত দলটোৱে অবৈধভাৱে মজুত কৰি ৰখা ৩২ টা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে।

প্ৰথমটো অভিযানত দৈগ্ৰোঙৰ ধৰ্মেশ্বৰ শইকীয়া নামৰ এজন লোকৰ দোকানৰ পৰা ৰন্ধন গেছৰ ছটা ছিলিণ্ডাৰ জব্দ কৰা হয়।

দ্বিতীয়টো অভিযানত অভিযানকাৰী দলটোৱে এখন পিক আপ ভেনত ২ নং পংকা গ্ৰেণ্টৰ মছফিকা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৬টা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰে।

বাহনখন সম্প্ৰতি নুমলীগড় আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে।