NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটৰ হিজাব বিতৰ্ককলৈ উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি আৰম্ভ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 8, 2022 7:43 am

কিছুদিনৰ বিৰতিত উচ্চতম ন্যায়ালয়ত পুনৰ আৰম্ভ হৈছে কৰ্ণাটকৰ হিজাব বিতৰ্কৰ গোচৰৰ শুনানি। আবেদনকাৰী সংবিধানৰ অনুচ্ছেদৰ দোহাই দি বিদ্যালয়ত হিজাব বৈধ কৰিব লাগে বুলি দাবী কৰে।

গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিশেষ খণ্ডপীঠে কয় যে কৰ্ণাটকত হিজাব নিষেধাজ্ঞাৰ বিষয়ত প্ৰশ্নটো কেৱল বিদ্যালয়সমূহতহে প্ৰযোজ্য হৈ আছে।কৰ্ণাটক চৰকাৰে আন কোনো ঠাইত তেনে পোছাক পিন্ধিবলৈ নিষেধ কৰা নাই। উচ্চতম ন্যায়ালয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’বলৈ অস্বীকাৰ কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে কয়। আবেদনকাৰীৰ হৈ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠক জ্যেষ্ঠ অধিবক্তা দেৱদাত কামাতে কয় যে বিষয়টো পাঁচ জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগে।

তেওঁ যুক্তি দিয়ে যে যদি এজনী ছোৱালীয়ে সংবিধানৰ অনুচ্ছেদ ১৯,২১ বা ২৫ ৰ অধীনত তেওঁৰ অধিকাৰ প্ৰয়োগ কৰি হিজাব পিন্ধিবলৈ সিদ্ধান্ত লয় তেন্তে ৰাজ্যখনৰ চৰকাৰে তেওঁক বাধা দিব নোৱাৰে।

বিচাৰপীঠে বিষয়টো অধ্যয়ন কৰি কয় “প্ৰশ্নটো হ’ল কোনেও কাকো হিজাব পিন্ধিবলৈ নিষেধ কৰা নাই। মানুহেয’তে বিচাৰে ইয়াক পিন্ধিব পাৰে। একমাত্ৰ প্ৰতিবন্ধকতা হৈছে বিদ্যালয়ত। আমি কেৱল এই প্ৰশ্নটোক লৈহে চিন্তিত।”

কৰ্ণাটক উচ্চ ন্যায়ালয়ে লগতে কৈছিল যে বিদ্যালয়ৰ ইউনিফৰ্মৰ ধাৰণা বৈধ আৰু ই বাক স্বাধীনতা বা সংবিধানৰ গোপনীয়তাৰ স্বাধীনতাৰ অধিকাৰ উলংঘা নকৰে।মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থীৰ নেতৃত্বত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পৰিধান কৰা সন্দৰ্ভত হোৱা বিতৰ্কৰ লেখ আৱেদনৰ ওপৰত এই ৰায় ঘোষণা কৰিছিল।