NORTHEAST NOW (Assamese)
অসম

আন্তর্জাতিক “বিশুদ্ধ বায়ু আৰু নীলা আকাশ” দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতামূলক শোভাযাত্রা

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও September 8, 2022 6:55 am
আন্তর্জাতিক “বিশুদ্ধ বায়ু আৰু নীলা আকাশ” দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতামূলক শোভাযাত্রা

তৃতীয় আন্তর্জাতিক “বিশুদ্ধ বায়ু আৰু নীলা আকাশ” দিৱস উপলক্ষে বঙাইগাঁৱত এক সজাগতামূলক শোভাযাত্রা উলিওয়া হয়।

বঙাইগাওঁ জিলা উপায়ুক্ত কার্যালয় চৌহদৰ পৰা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত উলিওৱা এই সজাগতামূলক শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা স্বাস্থ্য বিভাগৰ নিৰীক্ষণ বিষয়া ডাঃ বাদল চন্দ্ৰ দাসে ৷

অনুষ্ঠানত
বঙাইগাওঁ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ ডাঃ এম ইছলাম, মহকুমা স্বাস্থ্য বিষয়া ডাঃ পি নাথ, ডি পি এম কৰুণা ব্রহ্ম, ডি ডি ডি চি ধ্রুৱ চৌধুৰীৰ লগতে আন আন স্বাস্থ্য বিষয়া আৰ কর্মীসকল উপস্থিত থাকে।

সজাগতামূলক শোভাযাত্ৰাত আশাকর্মীৰ লগতে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিছু সংখক ছাত্র-ছাত্রী আৰু জিলা স্বাস্থ্য বিভাগৰ আন বিষয়ববীয়াসকলে অংশগ্রহণ কৰে।

শোভাযাত্ৰাত অংশ গ্ৰহণ কৰাসকলে হাতে হাতে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন সজগতামূলক বার্তা সন্নিবিষ্ট বিভিন্ন প্লেকাৰ্ড প্রদর্শন কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰা চহৰখনৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি পুনৰ উপায়ুক্ত কাৰ্যালয়ত সামৰণি পৰে ৷