NORTHEAST NOW (Assamese)
অসম

চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ: স্থানীয় ঠিকাদাৰক ধন আদায় নিদিয়াকৈয়েই পলায়ন নিৰ্মাণ সংস্থাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 12, 2021 9:19 am
aza

যোৰহাট বাইপাছৰ পৰা টীয়কৰ  জাঁজী পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত  জি ডি ছি  এল নামৰ নিৰ্মাণ সংস্থাটোক লেহেমীয়া আৰু নিম্নমানৰ কামৰ বাবে কামৰ পৰা অব্যাহতি দিয়াৰ পাছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰতিষ্ঠানটোৰে জড়িত ঠিকাদাৰ সকলৰ মাজত ।

উল্লেখযোগ্য যে জিডিছিএলে উপ ঠিকা প্ৰদান কৰা লিংকন এণ্ড ডিগনিটি নামৰ  প্ৰতিষ্ঠানটোৱে পথ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মাটি,পলস,শিল,বালি আদি যোগান ধৰিবৰ বাবে স্থানীয় একাংশ যুৱকক অনুমতি প্ৰদান কৰিছিল ।

সেই অনুযায়ী যুৱকসকলে এই সামগ্ৰী যোগান ধৰিছিল যদিও ইয়াৰ বিনিময়ত অনাদায় হৈ আছিল বিলৰ বহু ধন ।

কিন্তু শেহতীয়াকৈ জি ডি ছি এলক কামৰ পৰা অব্যাহতি দিয়াত স্বাভাৱিকতে লিংকন এণ্ড ডিগনিটি নামৰ প্ৰতিষ্ঠানটোৰ কাম কাজ বন্ধ হৈ পৰিল আৰু এই প্ৰতিষ্ঠানৰ বিষয়া সকল টীয়কৰ মেলেং মেটেলিস্থিত কাৰ্যালয় এৰি গুচি যায় ।

ফলত অনিশ্চয়তাত ভুগিছে সামগ্ৰী যোগান ধৰা স্থানীয় যুৱকসকল । বহু লাখ টকা অনাদায় হৈ থকা এই যুৱক সকলে সেয়ে অসমৰ মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত গৰাকীক এই সন্দৰ্ভত এক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ।