NORTHEAST NOW (Assamese)
অসম

ডিজিটেল ভাৰত! নগাঁও-মৰিগাঁৱৰ সীমামূৰীয়া অঞ্চলত টেলিকম কোম্পানীয়ে গ্ৰাহক দেখুৱাইছে সৰিয়হৰ ফুল

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা August 12, 2021 11:55 am
nogaa

যি সময়ত দেশৰ প্রান্তে প্রান্তে ৰাষ্ট্রীয় তথা আন্তৰাষ্ট্রীয় টেলিকম কোম্পানীসমূহে উন্নত প্রযুক্তি কৌশল ব্যৱহাৰ কৰি সেৱা আগবঢ়াই আহিছে, সেই সময়তে দূৰসঞ্চাৰ সেৱা প্রদান কৰা চৰকাৰী কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (বি এছ এন এল) আৰু ৰিলায়েঞ্চ জিঅ’ৰ নিম্নমানৰ সেৱাই নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাৰ উত্তৰ পূব অঞ্চলৰ গ্রাহকক  অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে।

বহুদিনৰ পৰা এই অঞ্চল সমূহত ‘কল ড্রপ’ আৰু নিম্নমানৰ ইন্টাৰনেট সেৱাৰ বাবে গ্রাহক সকলে বিশেষ ভাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে।

আনকি দিনটোৰ কোনোবা এটা সময় বি এছ এন এলৰ সেৱা কিছু সময়ৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

উল্লেখ্য যে, নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বেবেজীয়া- জামুগুৰি,মাজগাওঁ,ন মাটি আদি অঞ্চলত আৰু মৰিগাঁও জিলাৰ উত্তৰ পূৱ অঞ্চলৰ বটদ্রৱা, ধনীয়াভেটি,আমলখি, কদমনি,বৰহিছা, সৰুহিছা,বাটমাৰী, ভোমোৰগুৰি,ভেটিয়নী, কহুৱাআটি,বৰছিলা, শিলপুখুৰী,বৰচলা, সৰুচলা,বেছামাৰী আদি অঞ্চলৰ গ্রাহক ৰাইজৰ অভিযোগ মতে এই টেলিকম কোম্পানী সমূহে মাহৰ অন্তৰে অন্তৰে বিল প্রেৰণ কৰে।

নিদিষ্ট সময়ত বা তাৰিখত বিল পৰিশোধ নকৰিলেই তৎক্ষণিক ভাবে সংযোগ কৰ্তন কৰে ।কিন্তু বিষয়া-কৰ্মচাৰীক দিনৰ পিছত দিন ধৰি অভিযোগ দিলেও সেৱাৰ মান উন্নত নকৰে। তাৰোপৰি যি সময়ত দেশৰ অন্যান্য প্ৰান্তৰ গ্ৰাহকে ফৰ জি, ফাইভ জি,ফাইবাৰ আদি হাই-স্পীড সেৱা লাভ কৰিছে সেই সময়ত নগাঁও-মৰিগাঁও জিলাৰ বৃহত্তৰ অঞ্চল সমূহত যেন এতিয়া প্রহসনতহে পৰিণত হৈছে।

টেলিকম কোম্পানীৰ এই নিম্নমানৰ সেৱাৰ বাবে বিভিন্ন চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান সমূ্হৰ বিশেষ ভাবে ক্ষতি হৈছে। বিশেষকৈ ক’ভিডৰ ভয়াৱহতাৰ বাবে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন চৰকাৰী বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে ঘৰৰ পৰাই কামকাজ চলোৱা (ৱৰ্ক ফৰ্ম হম) ব্যৱস্থাত চৰম আহুকাল হোৱাৰ লগতে বিদ্যালয় বন্ধৰ বাবে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে যি অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছিল, সেয়া সম্ভৱপৰ হৈ উঠা নাই একমাত্ৰ বেয়া নেটৱৰ্কৰ বাবে।

সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ সকলোৰে মুখে মুখে এটাই অভিযোগ এটাই ক্ষোভ “নেটৱৰ্ক বেয়া”।

শীঘ্রে অঞ্চলটোৰ টেলিকম কোম্পানী সমূহৰ মান উন্নত কৰি উন্নত মানৰ সেৱা আগবঢ়াবলৈ দাবী জনাইছে গ্রাহক ৰাইজ, ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, কৰ্মচাৰী আৰু অনুষ্ঠান-প্রতিষ্ঠান সমূহে।