NORTHEAST NOW (Assamese)
অসম

লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ; লাভলীনাৰ নামেৰে সৰুপথাৰত ষ্টেডিয়াম, গুৱাহাটীত পথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2021 5:30 pm
Lovlina Borgohain

টকিঅ’ অলিম্পিকত পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি পদ আগবঢ়োৱা হৈছে।

তদুপৰি, লাভলীনাৰ নামেৰে সৰুপথাৰত চৰকাৰে এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লগতে গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব।

আজি এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সেইদৰে, অসম চৰকাৰে লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব।

আনহাতে, পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলোৱাৰ বাবে লাভলীনালৈ চৰকাৰে মাহে ১ লাখ টকIৰ বিশেষ জলপানি আগবঢ়াব।

ইপিনে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইৰ হাতত প্ৰদান কৰিলে এই ১ কোটি টকাৰ চেক।