NORTHEAST NOW (Assamese)
দেশ

ভয়ানক প্ৰদূষণ : বন্ধ থাকিব বিদ্যালয়

Posted by: এন ই নাও নিউজ, নেশ্যনেল ডেস্ক Updated by: এন ই নাও নিউজ, নেশ্যনেল ডেস্ক November 5, 2022 1:15 pm

ভাৰতৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ চৰম মাত্ৰাত উপনীত হৈছে। পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে স্থানীয় কৰ্তৃপক্ষই শনিবাৰৰ পৰা সকলো প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। দিল্লীত এতিয়াৰে পৰা ব  অনলাইন ক্লাছ।

খবৰ অনুসৰি, বায়ু প্ৰদূষণৰ বাবে দিল্লীৰ পৰিস্থিতি এতিয়া যথেষ্ট ভয়াৱহ হৈ পৰিছে। এনে পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰৰ পৰা দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছে।

বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ যান-বাহনৰ বাবে অড-ইভেন আঁচনি ৰূপায়ণৰ কথা চিন্তা কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে।

দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপৰ ৰায়ে কয় যে ৫০ শতাংশ চৰকাৰী কৰ্মচাৰী ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে। একে সময়তে তেওঁ ব্যক্তিগত প্ৰতিষ্ঠানসমূহক এই নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়ে।

খবৰ অনুসৰি বৰ্তমান দিল্লীত ২৭৫৫ খন প্ৰাথমিক বিদ্যালয় আছে। এই সকলোবোৰ বিদ্যালয় বন্ধ থাকিব শনিবাৰৰ পৰা । অৱশ্যে উচ্চ প্ৰাথমিক, মাধ্যমিক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শ্ৰেণীসমূহ অব্যাহত থাকিব।