NORTHEAST NOW (Assamese)
অসম

ওড়িশাত ওলোটা পুৰাণ: যুৱকৰ কামোৰত মৃত্যু বিষাক্ত সাপৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 5:03 pm
snake-bites-O

সাপৰ দংশনত দেশত প্ৰতি বছৰে বহু লোকৰ মৃত্যু ঘটে।

কিন্তু ওড়িশাত মানুহৰ কামোৰতহে বিষাক্ত সাপৰ মৃত্যু ঘটাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।ওড়িশাৰ জয়পুৰৰ এখন অতি ভিতৰুৱা গাওঁৰ যুৱক কিশোৰ বদৰাই খেতিৰ কাম সামৰি নিশা এন্ধাৰ পথেৰে ঘৰলৈ বুলি উভতিছিল।

এনে সময়তে তেওঁ ভৰিত কিবা এটা বিষ অনুভৱ কৰে। টৰ্ছ মাৰি তেওঁ দেখে যে এডাল বিষাক্ত সাপে তেওঁক দংশন কৰিছে। সাপ ডাল দেখি কিশোৰ নামৰ যুৱক জনৰ খঙে চুলিৰ আগ পালে।

তেওঁ তড়িৎ গতিৰে সাপ ডাল ধৰি পেলালে আৰু দাঁতেৰে কামুৰি সাপ ডাল দুটুকুৰা কৰি দিলে। সাপডালৰ লগে লগে মৃত্যু ঘটিল।

আদিবাসী সম্প্ৰদায়ৰ যুৱক জনে মৃত সাপডাল ঘৰলৈ লৈ আহিল প্তনীক দেখুৱালে। ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাত বহু লোকে কিশোৰৰ ঘৰত ভিৰ কৰিলে।

সকলোৱে কিশোৰক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ক’লে যদিও যুৱক জনে সাপে কামোৰাৰ পিছতো কোনো অসুবিধা পোৱা নাই বুলি কৈ চিকিৎসকৰ কাষলৈ যাবলৈ অমান্তি হ’ল।

যুৱক জনৰ দেহত হয়তো সাপৰ বিষ প্ৰৱেশ কৰা নাছিল।

সেইবাবেই মৃত্যুৰ মুখৰ পৰা তেওঁ ৰক্ষা পৰিল। কিন্তু যুক জনক দংশন কৰি মৃত্যুক সাৱটিবলগীয়া হ’ল বিষধৰেহে।