NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় কণ্ঠশিল্পী জুবলীক গুলীয়াই মৰাৰ ভাবুকি : অভিযুক্তক আটক

Posted by: এন ই নাও নিউজ March 31, 2018 10:23 pm
জুবলীক

ৰাজ্যখনৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক আটক দিচপুৰ আৰক্ষীৰ।

প্ৰাপ্ত তথ্য মতে দিচপুৰ আৰক্ষীয়ে শনিবাৰে নিশা কণ্ঠশিল্পী গৰাকীক ফোন যোগেৰে গুলীয়াই মৰাৰ ভাবুকি দিয়া অভিযুক্তক আটক কৰে। আৰক্ষীয়ে ধৃত অভিযুক্তক ভাস্কৰ চৌধুৰী বুলি চিনাক্ত কৰিছে।

ভাস্কৰ চৌধুৰীক জটিয়াৰ পৰা দিচপুৰ আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ধৃত ভাস্কৰ চৌধুৰীয়ে শনিবাৰে পুৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ মিউজিক বেণ্ডৰ সদস্য সিদ্ধাৰ্থ চোধুৰীক অভয়াপুৰীত অনুষ্ঠিত হ’ব লগীয়া জুবলীৰ এটা সংগীতানুষ্ঠান বাতিল কৰিবলৈ ভাবুকি দিছিল।  লগতে অনুষ্ঠান বাতিল নকৰিলে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি দিছিল।

জানিব পৰা মতে উক্ত সংগীতানুষ্ঠানটো অভয়াপুৰীত ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইফালে ধৃত ভাস্কৰে ভাবুকি দিয়াৰ সময়ত নিজকে ছালফা বুলি চিনাকী দিছিল।

আৰক্ষীয়ে ইতিমধ্যে ধৃত ভাস্কৰক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।