NORTHEAST NOW (Assamese)
অসম

শৃংখলা ৰক্ষাৰ দোহাই দি শৃংখল চলিহাক উদ্দেশ্যি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 3, 2021 8:04 pm
shrinkhal himanta

বঙালী সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক কেন্দ্ৰ কৰি এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, “অসমখন উন্নতিৰ পথত আগবাঢ়িছে। মহাত্মা গান্ধীয়ে কোৱাৰ দৰে বেয়া কথা শুনিব নালাগে, বেয়া বস্তু চাব নালাগে আৰু বেয়া কথা ক’ব নালাগে।”

ইপিনে, ছ’চিয়েল মিডিয়াত কোনোবাই বেয়া কথা এটা লিখিলে তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কোৱা মানুহজনে চাই ভাল পায় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ সংবাদমাধ্যমক উদ্দেশ্যি লগতে কয়, “সংবাদ মাধ্যমেও বেয়া কথাবোৰ প্ৰচাৰ কৰিব নালাগে। তেতিয়া বেয়া কথা কোৱা মানুহবোৰে নিজেই নিজেই পৰাজয় স্বীকাৰ কৰিব”।

ইপিনে, বঙালী সম্প্ৰদায়ক লৈ মন্তব্য কৰা শৃংখল চলিহাৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে কয়, “কোনোবাই থানাত গোচৰ ৰুজু হওক আৰু গ্ৰেপ্তাৰ হওক বুলি ভাবিয়েই কোনোবা জাতিক গালি পাৰি দিয়ে। যাতে তেওঁ নেতা হ’ব পাৰে। তাৰ সুযোগ লৈ দুটা জাতিৰ মাজত কাজিয়া-পেচাল লাগিব পাৰে।”

ইপিনে “এনেবোৰ মন্তব্যৰ জৰিয়তে ভৱিষ্যতে চান্দা তুলিবৰ বাবে মানুহ কিছুমানে হিৰো হ’ব খোজে” বুলি শৃংখলক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।

এইবোৰ মন্তব্য চাই বা শুনি থাকিলে বাঢ়ি গৈ থাকে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।