NORTHEAST NOW (Assamese)
অসম

উভতি আহিছে ৰানাঘাটৰ ৰাণু মণ্ডল! ৰূপালী পৰ্দাৰ বায়’পিকত ৰাণুৰ চৰিত্ৰত কোনে কৰিব অভিনয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2021 9:26 am
Ranu Mandal returns

পাহৰি যাবলগীয়া ঘটনা নহয়।ৰানাঘাট ষ্টেশ্যনৰ পৰা বলীউদলৈ এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ যাত্ৰা আছিল এই ঘটনা। নিশাৰ ভিতৰতে এটা গানৰ জৰিয়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা লতা মংগেশকাৰৰ দৰে কণ্ঠৰ ৰাণু মণ্ডল হৈ পৰিছিল এগৰাকী তাৰকা।

এইবাৰ সেই ৰাণু মণ্ডলৰ জীৱন কাহিনী ৰূপালী পৰ্দাত দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে পৰিচালক হৃষীকেশ মণ্ডল। ছবিখনত ৰাণু মণ্ডলৰ ভূমিকাত অভিনয় কৰিব ‘চিক্ৰেট গেমছ’ ছিৰিজৰে পৰিচিত হৈ পৰা অভিনেত্ৰী ইশিকা দে’ই।

এক সপোনৰ দৰে কাহিনী ৰানাঘাটৰ ষ্টেশ্যনত বহি গান গাই জীৱন নিৰ্বাহ কৰা ৰামু মণ্ডলৰ বলীউদ যাত্ৰাৰ পৰিক্ৰমা। সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে হিন্দী ছবিৰ বাবে প্লেবেক কণ্ঠশিল্পী হিচাপে ভূমুকিও মাৰিছিল ৰাণুৱে।

সকলোৱে ভাৱিছিল ৰাণু মণ্ডৰ ভাগ্যৰ দুৱাৰ খুলি গ’ল। তেওঁ আৰু ষ্টেশ্যনত বহি মানুহৰ ওচৰত হাত পাতিবলগীয়া নহ’ব। কিন্তু তাৰকা পৰিচিতি লাভৰ সমান্তৰালভাৱে বিড়ম্বনাৰ সন্মুখীনো হৈছিল ৰাণু। হিমেশৰ সৈতে গোৱা ‘তেৰি মেৰি, মেৰি তেৰি’ গানটো ভাইৰেল হ’লেও ছচিয়েল মিডিয়াত কটাক্ষৰ চিকাৰ হৈছিল ৰাণু মণ্ডল।

এদিন সকলো অতীতৰ বুকুত এৰি দি পুনৰ ৰানাঘাটলৈ উভতি আহিল ৰাণু মণ্ডল। সহানুভুতিশীল একাংশ লোক তথা ক্লাৱৰ সাহায্যৰ মাজেৰে চলি আছে ৰাণু।

ইপিনে, যোৱা এবছৰ ধৰি ৰাণু মণ্ডলক লৈ ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে পৰিচালক হৃষীকেশ মণ্ডলে। হিন্দীত ছবিখন নিৰ্মাণ কৰা হ’ব। ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিব ‘চিক্ৰেট গেমছ’ৰ অভিনেত্ৰী ইশিকাই।

ছবিখনত ৰাণু মণ্ডলৰ বৰ্তমান আৰু অতীতৰ ৰূপত দেখা যাব ইশিকাক। অহা নৱেম্বৰত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ছবিখনৰ নাম হ’ব ‘মিছ ৰাণু মাৰিয়া’। ছবিখন যে সংগীত নিৰ্ভৰ হ’ব সেয়া নক’লেও চলে।