NORTHEAST NOW (Assamese)
Popular Stories

ঘৰুৱা ক্ৰিকেটত অঘটন; শক্তিশালী মুম্বাইক ৬ উইকেটত পৰাস্ত মেঘালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2019 9:06 pm
Meghalaya-cricket-team-750x375

চলিত চৈয়দ মুস্তাক আলী টুৱেণ্টি ২০ ট্ৰফীৰ গ্ৰুপ ডিৰ এখন মেচত আজি মেঘালয়ে শক্তিশালী মুম্বাইক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখন মেঘালয়ে চাৰিটা বল বাকী থকা অৱস্থাত ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

মেঘালয়ৰ এই ঐতিহাসিক বিজয়ৰ মূলতে আছিল ৰবি ৰাজা, পুনীত বিচট আৰু সঞ্জয় যাদৱৰ দুৰ্দান্ত প্ৰদৰ্শন।

ঘৰুৱা দল মুম্বাইয়ে প্ৰথমে বেট ধৰি মেঘালয়ৰ সন্মুখত ১৫৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

লক্ষ্যৰ পিছা কৰিবলৈ আহি আলহী দল মেঘালয়ে ৰবি তেজাৰ অপৰাজিত ৬০ আৰু সঞ্জয় যাদবৰ ৫৫ ৰানৰ সহায়ত অন্তিম অভাৰত বিজয় লাভ কৰে। পুনীত বিচটেও ১২টা বলত ২৩ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে।

‘আমাৰ দলৰ বাবে এয়া সপোনৰ বিজয়’, মেঘালয় ক্ৰিকেট এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক তথা দলৰ মেনেজাৰ চিয়াং ডি চিৰাই এই মন্তব্য কৰে।

মাত্ৰ এবছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটত আবিৰ্ভাৱ ঘটা মেঘালয়ৰ এই সাফল্যত উৎফুল্লিত মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইট কৰি কয়, ‘আজি চৈয়দ মুস্তাক আলী টুৱেণ্টি ২০ ক্ৰিকেটত মেঘালয়ে মুম্বাইৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্যস্ত কৰে। আমাৰ দল তথা প্ৰশিক্ষকক শুভেচ্ছা জনাইছো। আমাৰ দলক লৈ আমি গৌৰৱান্বিত’।

এই ৰোমাঞ্চকৰ মেচখনত মেঘালয়ে বিজয় সাব্যস্ত কৰাৰ পিছতেই বি চি চি আইৰ তৰফৰ পৰাও টুইট কৰা হয়। বি চি চি আইৰ টুইটটোত এয়া এক অঘটন আখ্যা দিয়া হৈছে।

উল্লেখ্য যে মুম্বাইক পৰাস্ত কৰাৰ পূৰ্বে মেঘালয়ে অসমকো পৰাস্ত কৰিছিল।