NORTHEAST NOW (Assamese)
অৰুণাচল

উত্তৰ-পূবৰ সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিবোৰ উন্নত কৰিবলৈ আহ্বান ৰাজনাথ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2019 9:11 pm
Rajnath-1-1-750x375

উত্তৰ-পূবৰ সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিবোৰ উন্নত কৰিবলৈ আহ্বান জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা সৰ্বাধিক অগ্ৰাধিকাৰ পাব লগীয়া বিষয়।

তেওঁ আজি অৰুণাচল প্ৰদেশৰ দিবং উপত্যকাৰ নামনিত নতুনকৈ নিৰ্মাণ কৰা ছিছেৰি নদীৰ ওপৰৰ দলংখন মুকলি কৰে আৰু উদ্বোধনী ভাষণত এই মন্তব্য কৰে।

২০০ মিটাৰ দীঘল দলংখনে জোনাই-পাছিঘাট-ৰানাঘান-ৰয়িঙক স্থলপথেৰে সংযোগ কৰিব আৰু দিবং উপত্যকা আৰু ছিয়াঙৰ মাজত যোগাযোগ সহজ কৰিব। এই স্থানত এখন সংযোগী দলঙৰ দীৰ্ঘদিনীয়া দাবী আছিল।

Rajnath Singh
অৰুণাচল প্ৰদেশৰ দিবং উপত্যকাৰ নামনিত নতুনকৈ নিৰ্মাণ কৰা ছিছেৰি নদীৰ ওপৰৰ দলংখন।

দলংখনে পাছিঘাটৰ পৰা ৰয়িঙলৈ যাত্ৰাৰ সময় প্ৰায় ৫ ঘণ্টা হ্ৰাস কৰিব বুলি কোৱা হৈছে।

“চৰকাৰে সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ নিৰাপত্তাৰ কথা ভাবি ব’ৰ্ডাৰ এৰিয়া ডেৱেলপমেণ্ট প্ৰগ্ৰাম (বি এ ডি পি) আঁচনি গ্ৰহণ কৰিছে”, দলংখন উদ্বোধন কৰি সিঙে কয়।

তেওঁ উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশৰ নিৰাপত্তাৰ বাবে সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন প্ৰয়োজন বুলি কয়।

অৰুণাচল প্ৰদেশত চৰকাৰে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প লোৱা বুলিও সিঙে জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ, আৰু বিশেষভালৈ উত্তৰ-পূবৰ অৰ্থনৈতিক স্বাৰ্থৰ কথা ভাবিয়ে ৰিজিয়নেল কম্প্ৰিহেনছিভ ইক’নমিক পাৰ্টনাৰ্ছিপৰ (আৰ চি ই পি) পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয়।”

তেওঁ মোদীৰ এই সিদ্ধান্তক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।

“যদিহে ভাৰতে আৰ চি ই পিত হাত মিলালেহেঁতেন তেতিয়া হ’লে কৃষক, শ্ৰমিক, কাৰাখানাবোৰ আৰু উদ্যোগবোৰৰ ক্ষতি হ’ল হেঁতেন। এইটো এটা ডাঙৰ সিদ্ধান্ত”, সিঙৰ মন্তব্য।

তেওঁ ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিয়ে অঞ্চলটোত, বিশেষকৈ অৰুণাচল প্ৰদেশত নতুন নতুন আন্তঃগাঁথনিৰ দুৱাৰ মুকলি কৰিব বুলি দাবী কৰে।

ছিছেৰি দলংখনে ধলা-শদিয়া দলঙৰ জৰিয়তে তিনিচুকীয়াক সংযোগ কৰিব, তেওঁ কয়।

দলংখন সামৰিক দিশৰ পৰাও গুৰুত্বপূৰ্ণ আৰু ই ট্ৰান্স অৰুণাচল হাইৱে’ৰ এটা অংশ হ’ব। নিয়োগ, বাণিজ্য, পৰ্য্যটনতো ই সহায় কৰাৰ আশা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰীজনে।