NORTHEAST NOW (Assamese)
দেশ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 24, 2025 8:57 pm
মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশৰ সতনা জিলাত এজন ১৮ বছৰীয়া যুৱকে নিজৰ ৪ বছৰীয়া সম্বন্ধীয় ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সোমবাৰে জিলা সদৰৰ পৰা ৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত উচেহৰা থানাৰ সীমাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উচেহৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ মিশ্ৰই জনোৱা মতে, অভিযুক্তই যুৱতীগৰাকীক জামু খুওৱাৰ লোভ দেখুৱাই ৰেলপথৰ কাষৰ জোপোহালৈ লৈ যায় আৰু ধৰ্ষণ কৰে।

পিছত ওচৰৰ পথাৰবোৰৰ পৰা গাঁৱলৈ উভতি অহা একাংশ মহিলাই শিশুটিৰ হাহাকাৰ শব্দ শুনে। তেওঁলোকে ভুক্তভোগীক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিয়ে।

উচেহৰা আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

বৰ্তমানৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাত শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।