NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2025 8:59 pm

পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী নাৰীৰ সৈতে সংঘটিত হ’ল কৰুণ কাহিনী। অৱশেষত ফাদিল হল ১৪ জুনত ৰূপালী মুছাহাৰী হত্যাকাণ্ডৰ আঁৰৰ কাহিনী। খোদ স্বামীয়েই শ্ল পয়জন দি হত্যা কৰিছিল ৰূপালী মুছাহাৰীক। ফৰেনছিক ৰিপৰ্টত পোহৰলৈ আহিছে ৰূপালীক শ্ল পয়জন দি হত্যা কৰাৰ চাঞ্চল্যকৰ তথ্য। হত্যাৰ ৯ দিন পাছত গ্ৰেপ্তাৰ হল পত্নীক হত্যা কৰা স্বামী পংকজ নাৰ্জাৰী। গুৱাহাটীৰ বামুণপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমক সফল কৰিবলৈ গৈ পংকজে অতি নৃশংসভাৱে প্ৰাণ ললে স্বয়ং নিজ পত্নীৰ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অন্য মহিলাৰে আছিল পংকজৰ সম্পৰ্ক। আৰক্ষীৰ হাতত ধৰা নপৰিবলৈ পংকজ নাৰ্জাৰীয়ে ৰচিছিল পত্নী হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ। শ্ল পয়জন দি গুৱাহাটীৰ ভাড়াঘৰত হত্যা কৰিছিল পত্নী ৰূপালী মুছাহাৰীক। যোৱা ১৪ জুনত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। কিন্তু কিমান দিনৰপৰা পত্নীক শ্ল পয়জন দিছিল লম্পট পত্নীহন্তা পংকজ নাৰ্জাৰীয়ে? আৰক্ষীৰ জেৰাত নিৰ্লজ্জ স্বীকাৰোক্তি ঘাতক পংকজৰ। যোৱা ৭ জুনত শ্ল পয়জনৰ প্ৰথমটো ডজ দিছিল পত্নী ৰূপালীক। তাৰপাছত ক্ৰমে ৯ জুন, ১১ জুন আৰু শেষৰটো ডজ দিছিল ১৪ জুনত।

এটা মাল্টি-ভিটামিনৰ বটলত এই বিহ মিহলাই পত্নীক খাবলৈ দিছিল চালাক পংকজে। প্ৰতিবাৰেই শ্ল পয়জনৰ ডজ দিয়াৰ পাছত পত্নীক বামুণপাৰাৰ ভাড়াঘৰত থৈ লগে লগে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ গুচি গৈছিল পংকজ নাৰ্জাৰী। কিন্তু ১৪ জুনৰ সন্ধিয়া শ্ল পয়জনৰ ডজ দিয়াৰ পাছতে মৃত্যু হৈছিল ৰূপালী মুছাহাৰীৰ। তেনে সময়তে পত্নীক বিচাৰি ফোন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু  পংকজে পত্নীৰ অসুখৰ বাবে শুই থকা বুলি কৈছিল পৰিয়ালক। তাৰ দুঘণ্টাৰ পাছত পুনৰ ৰূপালী মুছাহাৰীলৈ ফোন কৰে যদিও কোনো উত্তৰ নোপোৱাত পংকজলৈ ফোন কৰে। ফোনত ৰূপালীৰ মৃত্যু হোৱা বুলি কৈ GMCHলৈ নিয়া বুলি জনায়।

পৰিয়ালৰ লোকে লগে লগে GMCHলৈ যায় যদিও পংকজক তাত নাপাই ফোন কৰাত সৎকাৰৰ বাবে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ নি থকা বুলি জনায়। ৰূপালী মুছাহাৰীৰ পৰিয়ালৰ সন্দেহ ওপজাত বাক্সাৰ ঘৰলৈ যায় পৰিয়ালৰ লোক। বাগানপাৰাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ সৎকাৰৰ বাবে খৰখেদা কৰাত সন্দেহ ওপজে পৰিয়ালৰ। লগে লগে আৰক্ষীক খবৰ দিয়াত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰূপালীৰ মৃতদেহ প্ৰেৰণ কৰে হাস্পতাললৈ। ইপিনে পূৰ্বৰে পৰা পত্নী ৰূপালী মুছাহাৰীক শ্ল পয়জন দি হত্যা কৰাৰ ভাবুকি দি আহিছিল স্বামী পংকজ নাৰ্জাৰীয়ে। ইপিনে মঙলবাৰে  পংকজ নাৰ্জাৰীক লগত লৈ বামুণপাৰাৰ ভাড়াঘৰত অভিযান চলায় গড়চুক আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে। অভিযানকালত শ্ল পয়জনৰ কেইবাটাও বটল উদ্ধাৰ কৰে আৰক্ষীয়ে।