NORTHEAST NOW (Assamese)
Popular Stories

গল্প নহয় সত্য, দেশৰ এইজন বিচাৰকৰ বয়স মাত্র ২১ বছৰ

Posted by: পীযুষ ৰঞ্জন Updated by: পীযুষ ৰঞ্জন November 22, 2019 12:10 pm

গল্প নহয় সত্য, দেশৰ সর্বকনিষ্ঠ বিচাৰক হিচাপে নিযুক্ত হ’ল জয়পুৰৰ মায়াঙ্ক প্রতাপ সিং (Mayank Pratap Singh)। তেওঁৰ বয়স মাত্র ২১ বছৰ।

ৰাজস্থান ন্যায়িক সেৱা (Rajasthan judicial services 2018) পৰীক্ষাত স-সম্মানেৰে উত্তীর্ণ হৈ এই পদত নিৰ্বাচিত হৈছে তেওঁ।

উক্ত খবৰ লাভ কৰাৰ পিছতে যথেষ্ট উৎফুল্লিত হৈ পৰা মায়াঙ্কে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ আনন্দ প্ৰকাশ কৰে।

এক সাক্ষাৎকাৰত তেওঁ কয়, “দেশৰ আইন ব্যৱস্থা আৰু বিচাৰৰ ওপৰত মোৰ অগাধ আস্থা আছে। ভালো লাগে এই পেছা এয়াই সপোন আছিল, ভবিষ্যতে আইনকেই পেছা হিচাপে বাছি ল’ম। ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা ২০১৪-ত ৫ বছৰৰ এল এল বি কোৰ্চ কৰি ২০১৮-ত মোৰ সপোন পূৰণ হল।”

তেওঁৰ এই বিশেষ কৃতিত্বৰ কাৰণে মায়ঙ্কে মাক-দেউতাক, পৰিয়াল, শিক্ষক আৰু বিশ্ববিদ্যালয়ক ধন্যবাদ জনায়।

উল্লেখযোগ্য যে আইনৰ এই পৰীক্ষাত বাচনিৰ ন্যূনতম বয়স ২৩ বছৰ। ৰাজস্থান উচ্চ ন্যায়ালয়ে তাক কমাই কৰিছে ২১ বছৰ। ইয়াৰ কাৰণেও মায়াঙ্কে আন্তৰিক ধন্যবাদ জনাইছে ৰাজস্থান উচ্চ ন্যায়ালয়ক।