NORTHEAST NOW (Assamese)
Popular Stories

৭৬২ ৰানৰ বিশাল টাৰ্গেট – ৭ ৰানত অল আউট; শূন্যৰ ঘৰত আটাইকেইগৰাকী বেটছমেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 12:12 pm
cricket

ক্ৰিকেটক সদাই অনিশ্চয়তাৰ খেল হিচাপে জনা যায় যদিও কেতিয়াবা কিছুমান মেচত ঘটা ঘটনা তথা পৰিসংখ্যাই ক্ৰিকেটপ্ৰেমীক আশ্চৰ্যকৰ কৰি তোলাও পৰিলক্ষিত হয়।

তেনে এক ঘটনা সংঘটিত হৈছে মুম্বাইৰ এখন স্কুল মেচত। মুম্বাইৰ বিখ্যাত হেৰিচ শ্বিল্ড টুৰ্ণামেণ্টৰ ১৬ বছৰ অনূৰ্ধ্বৰ স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুল আৰু চিলড্ৰেনছ একাডেমিৰ মাজৰ মেচখন এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু।

কিয়নো চিলড্ৰেনছ একাডেমিয়ে এক বিশাল লক্ষ্যৰ পিছা কৰিবলৈ আহি অল আউট হয় মাত্ৰ ৭ ৰানত। দলটোৰ গোটেই কেইজন বেটছমেনেই আউট হয় শূন্যত। ৭ ৰানটো আহে এক্সট্ৰাৰ জৰিয়তে।

এই অদ্ভুট মেচখন বুধবাৰে মুম্বাইৰ আজাদ মৈদানত অনুষ্ঠিত হৈছিল। মেচখন আছিল ৪৫ অভাৰৰ। স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুলে প্ৰথমে বেট ধৰি ৩৯ অভাৰত চাৰিটা উইকেট হেৰৱাই ৬০৫ ৰান সংগ্ৰহ কৰিছিল। কিন্তু চিলড্ৰেনছ একাডেমিয়ে নিৰ্ধাৰিত সময়ত অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে পেনাল্টি হিচাপে ভৰিব লগীয়া হয় ১৫৬ ৰান।

যাৰ বাবে স্বামী বিবেকানন্দ স্কুলে ৪৫ অভাৰত ৭৬২ ৰানৰ এক বিশাল লক্ষ্য বান্ধি দিয়ে চিলড্ৰেনছ একাডেমিৰ সন্মুখত।

স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুলৰ হৈ মিট মায়েকাৰে ১৩৪টা বলত বিস্ফোৰক ৩৩৮ ৰানৰ ইনিংছ খেলাৰ লগতে কৃষ্ণা পাৰ্টেই ৯৫ আৰু ইছান ৰয়ে ৬৭ ৰানৰ বৰঙণি আগবঢ়ায়।

ইফালে বিশাল লক্ষ্য অতিক্ৰম কৰিবলৈ আহি চিলড্ৰেনছ একাডেমিয়ে মাত্ৰ ৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭৫৫ ৰানৰ বিশাল ব্যৱধানত পৰাজয়বৰণ কৰে।

‘আমি যি ধৰণে বেটিং কৰিছো সেয়া দেখি তেওঁলোক মানসিকভাৱে ভাগি পৰিছিল। আমি বহু দলক ৬০-৭০ ৰানত অল আউট কৰিছো, কিন্তু স্কুল ক্ৰিকেটত এনে ঘটনা পূৰ্বতে দেখা নাছিলো’, হিন্দুষ্টান টাইমছত প্ৰকাশিত স্বামী বিবেকানন্দৰ প্ৰশিক্ষক মহেশ লোটলিকাৰৰ মন্তব্য।

স্বামী বিবেকানন্দৰ হৈ অলক পালে ৩ অভাৰত ৬টা উইকেট দখল কৰে।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মাও স্বামী বিবেকানন্দ স্কুলৰ ছাত্ৰ আছিল।