NORTHEAST NOW (Assamese)
Popular Stories

ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰি মহিলাসহ পাঁচগৰাকী লোকক মহতিয়াই নিলে ট্ৰাকে

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 4, 2021 5:06 pm
UP road-accident-1

উত্তৰ প্রদেশৰ সৰস্বতী জিলাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূর্ঘটনা।

সৰস্বতী জিলাৰ আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ মৌর্যই জনোৱা মতে, শুকুৰবাৰে নিশা প্রায় ৯ বজাত বলৰামপুৰ জিলাৰ নজন লোকে নাৰায়ণপুৰৰ দৰগাহ শ্বৰীফৰ পৰা উভতি অহাৰ সময়তে বাহনখনে এখন মালবাহী ট্রাকত খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত বাহনখন পথতে বাগৰি পৰে আৰু পিছফালৰ পৰা আহি থকা অন্য এখন তীব্রবেগী ট্রাকে আটাইকেইজন লোককে মহতীয়াই নিয়ে।

দুর্ঘটনাটোত চাৰিগৰাকী মহিলাসহ পাঁচজন ব্যক্তি ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় বুলি জিলা আৰক্ষী অধীক্ষক মৌর্যই জানিবলৈ দিয়ে।

নিহত চাৰিগৰাকীক নিজামু (৩৫), কিতাবুলনিচা (৭১), পাৰবীন (২৫), ৰুবীনা (২৫) বুলি আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে।

আনহাতে আন এগৰাকী মৃত মহিলাক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম নহ’লেও তেওঁৰ বয়স প্রায় ৫০ বছৰৰ হ’ব বুলি অনুমান কৰিছে।

আনহাতে দুর্ঘটনাত গুৰুতৰভাৱে আঘাটপ্রাপ্ত চাইৰা বানু (৪০), আছমা (২৫),  বাচ্ছাউদ্দিন (২৫)ক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ স্থানীয় বাহৰাইচ চিকিৎসালয়ত ভর্তি কৰোৱা হয়।

উত্তৰ প্রদেশ চৰকাৰৰ এক বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে দুর্ঘটনাৰ বাবে শোক প্রকাশ কৰি তৎক্ষণাত কার্যকৰী হোৱাকৈ আঘাতপ্রাপ্তসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় প্রশাসনক নির্দেশ দিছে।