NORTHEAST NOW (Assamese)
অসম

এইবাৰো বাতিল হ’ব নেকি NEET 2021? কি ৰায় দিলে উচ্চতম ন্যায়ালয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2021 3:22 pm
Supreme Court

দেশত এতিয়াও কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্রণলৈ অহা নাই।

কিন্তু পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰি দেশৰ বিভিন্ন ৰাজ্যত বিদ্যালয় আদি সম্পূৰ্ণ ভাবে অথবা আংশিক ভাবে খুলি দিয়া হৈছে।

এনে পৰিস্থিতিৰ মাজতে NEET 2021 স্নাতকোত্তৰ পৰীক্ষা বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা এখন আবেদন আজি উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে NEET 2021 স্নাতকোত্তৰ পৰীক্ষা বাতিল কৰিবলৈ জনোৱা আবেদন নাকচ কৰে।

এই সম্পৰ্কীয় আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠে কয় যে দেশৰ ১৬ লাখ শিক্ষাৰ্থীয়ে NEET 2021 স্নাতকোত্তৰ পৰীক্ষাত বহিবলৈ সাজু হৈছে।

এনে সময়তে মাত্ৰ এমুঠি শিক্ষাৰ্থীৰ আবেদনৰ ভিত্তিত পৰীক্ষা নাকচ কৰাটো সম্ভৱ নহয়।

উল্লেখ্য যোৱা ১ আগষ্টৰ পৰা NEET 2021 স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিভিন্ন কাৰণত সেয়া পিছুৱাই পৰীক্ষাৰ দিন ১২ ছেপ্তেম্বৰ কৰা হৈছিল।

এনে সময়তে ক’ৰ’নাতংকৰ বাবেই NEET 2021 পৰীক্ষা পিছুৱাই দিবলৈ একাংশ শিক্ষাৰ্থীয়ে আবেদন জনাইছিল।