NORTHEAST NOW (Assamese)
Popular Stories

পদপিষ্ট হোৱাৰ ঘটনাঃ মৃতকৰ আত্মীয়ৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2025 5:34 pm

আজি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ৪ জুনত এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা মৰ্মান্তিক হুলস্থুলত প্ৰাণ হেৰুৱা ১১ জন ব্যক্তিৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। মাত্ৰ ৩৫ হাজাৰ অনুৰাগীৰ ক্ষমতা থকা ষ্টেডিয়ামখনলৈ ২-৩ লাখ অনুৰাগীৰ অভাৱনীয় ভিৰে এই ঘটনা সংঘটিৰ কৰে। ছ‘চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতিত সংহতি আৰু শোক প্ৰকাশ কৰি বিশৃংখলতাত আহত ৩০ জনৰো অধিক অনুৰাগীক সহায় কৰিবলৈ আৰচিবিয়ে “আৰচিবি কেয়াৰ্ছ” নামৰ এটা পুঁজিও আৰম্ভ কৰে।

উল্লেখ্য যে, এই হুলস্থুলৰ ফলত ভিৰ ব্যৱস্থাপনাৰ দুৰ্বলতাৰ বাবে চৰকাৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে ছুঅ ম’ট’ পিটিছন গ্ৰহণ কৰি ১০ জুনত এই ভুলৰ তদন্তৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিছে। ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই প্ৰতিটো পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়াৰ বিপৰীতে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই প্ৰতিটো পৰিয়ালক ৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিটো পৰিয়ালক মুঠ সাহায্য ২৫ লাখ টকালৈ বৃদ্ধি কৰে। কিন্তু এক্সৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মত একাংশই এই ধনৰাশিয়ে সঁচাকৈয়ে জীৱন হেৰুৱাৰ ক্ষতিপূৰণ দিয়ে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে, যিয়ে অনুষ্ঠানটো চম্ভালি লোৱাৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি প্ৰতিফলিত কৰিছে।

বিজেপিৰ সম্বিত পাত্ৰকে ধৰি ৰাজনৈতিক নেতাসকলে কৰ্ণাটক চৰকাৰক কু-ব্যৱস্থাপনাৰ বাবে দোষাৰোপ কৰি মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ-মন্ত্ৰী ড০ কে শিৱকুমাৰৰ পদত্যাগৰ দাবী জনাইছে। তদন্তৰ সূচনা হোৱাৰ লগে লগে এই কাণ্ডই এনে দুৰ্যোগ প্ৰতিৰোধৰ বাবে উন্নত সমন্বয় আৰু কঠোৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।