NORTHEAST NOW (Assamese)
অসম

“সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে” সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা September 8, 2021 1:53 pm
bh

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মজয়ন্তীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত দীঘলীপুখুৰীস্থিত সুধাকণ্ঠৰ প্ৰতি মূৰ্তিত পুষ্পঞ্জলি অৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই পুষ্পঞ্জলি অৰ্পণ কৰাৰ পাছত মঙ্গলবাৰে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ কথা বৰ্ণনা কৰে।

তেওঁ কয় যে “সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে। অসমৰ শিক্ষা অনুষ্ঠানৰ পাঠ্যক্ৰম সমূহত ভূপেন হাজৰিকাৰ সৃষ্টি অন্তৰ্ভূক্ত কৰিবলৈ আৰু তেখেতৰ সৃষ্টি সমূহ টাইম কেপচুলৰ জৰিয়তে সংৰক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনোৱা হয়।”

তেওঁ পুনৰ কয় ” ভূপেন হাজৰিকা দেৱৰ সৃষ্টিক গবেষণাৰ জৰিয়তে আগুৱাই নিব লাগিব আৰু তাৰ সঁহাৰিত অসমৰ বিশ্ববিদ্যালয় সমূহত এখনকৈ আসন স্থাপন কৰিবলৈ আহ্বান।

এনেদৰে প্ৰজন্মই প্ৰজন্মই গৱেষণাৰ জৰিয়তে কাগজ বাঢ়িব লাগিব।

লগতে অসমত ভূপেন হাজৰিকাৰ নামত এখন গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ আহ্বান জনায়। লগতে তেওঁৰ সমাধি ক্ষেত্ৰখন আৰু অলপ আহল বহল কৰিবলৈ আহ্বান জনায়  সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই।

ইপিনে আছুৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পৰিসৰ আহল বহল কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।