NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ কৰা হ’ব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ পথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2021 6:36 pm
brr

মহাবাহু ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ কৰা হ’ব দুটাকৈ সুৰংগ পথ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এই বিলাসী প্ৰকল্পত অনুমোদন জনায়।ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথ দুটাৰ দৈৰ্ঘ হ’ব ১৫.৬ কিলোমিটাৰ।

অৱশ্যে সমগ্ৰ সুৰংগ পথটোৰ মুঠ দৈৰ্ঘ হ’ব ৩৩ কিলোমিটাৰ।

ইয়াৰ ১৮ কিলোমিটাৰ পথে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সুৰংগ পথক সংযুক্ত কৰিব।

জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ কৰিবলগীয়া সুৰগং পথ জলপৃষ্ঠৰ ২২ মিটাৰ তলত নিৰ্মাণ কৰা হ’ব।

এই সুৰংগ পথ নিৰ্মাণৰ ফলত অসম আৰু অৰুণাচলৰ মাজত পথৰ দূৰত্ব ভালেখিনি কমি যাব।

এই সমগ্ৰ প্ৰকল্পটোত ব্যয় হ’ব ১২,৮০৭ কোটি টকা।এই সুৰগং পথে গহপুৰ আৰু নুমলীগড়ক সংযুক্ত কৰিব।

দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰৰ  তলিৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে।