NORTHEAST NOW (Assamese)
Popular Stories

লাচিত ঘাটত পাঁচখন নতুন জাহাজ উদঘাটন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 2:13 pm
New Ships

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ লাচিত ঘাটত নতুনকৈ পাঁচখন জাহাজ মুকলি কৰে। নতুনকৈ উদঘাটন কৰা জাহাজ কেইখনৰ ২ খন উদ্ধাৰকাৰী জাহাজ আৰু আন ৩ খন যাত্ৰীবাহী জাহাজ।

আন্ত: দেশীয় জল পৰিবহনৰ অন্তৰ্গত এই জাহাজ কেইখন গুৱাহাটীৰ পৰা কুৰুৱালৈ,নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ আনখন ধুবুৰীলৈ চলাচল কৰিব।

আনহাতে উদ্ধাৰকাৰী জাহাজ দুখনে গুৱাহাটী আৰু মাজুলীত সেৱা আগবঢ়াব।

নতুনকৈ উদঘাটন কৰা জাহাজ কেইখন হৈছে ক্ৰমে এম ভি সোনাই,এম ভি লোহিত,এম ভি প্ৰতিমা,এছ ডি বি বিক্ৰান্ত আৰু এছ ডি বি বিশাল।

জাহাজ কেইখন উদঘাটন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে নতুনকৈ আৰু ৫ খন ৰ’-পেক্স জাহাজ ক্ৰয় কৰিব আৰু দুই ইঞ্জিনযুক্ত জাহাজৰ বাবে ৯০ কোটি টকা বিত্তীয় সাহাৰ্য্য আগবঢ়াব।

তেওঁ লগতে জাহাজসমূহক পৰীক্ষণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

শৰ্মাই উল্লেখ কৰে যে আন্ত:দেশীয় জল পৰিবহন খণ্ডত পৰ্যাপ্ত কৰ্মচাৰী আছে আৰু জল পৰিবহন ব্যৱস্থাটোৰ বিকাশৰ স্বাৰ্থত তেওঁলোকক নি:স্বাৰ্থভাৱে তথা নিকাকৈ কাম কৰিবলৈ আহ্বান জনাই। তেওঁ লগতে পাণ্ডু ঘাটৰ মেৰামতি কৰা হ’ব বুলিও জানিবলৈ দিয়ে।