NORTHEAST NOW (Assamese)
অসম

মুম্বাই আৰক্ষীৰ প্ৰায় ১২ঘন্টীয়া জেৰাৰ সন্মুখীন সাংবাদিক অৰ্ণৱ গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 12:13 pm
AG

ৰিপাব্লিক টিভিৰ মুৰব্বী অৰ্ণৱ গোস্বামীক সোমবাৰে মুম্বাই আৰক্ষীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু পালঘৰৰ সাধু হত্যা সন্দৰ্ভত কৰা মন্তব্যকলৈ দাখিল কৰা এখন এজাহাৰৰ সম্পৰ্কত প্ৰায় ১২ ঘন্টা ধৰি সোধপোছ কৰে।

পালঘৰৰ ঘটনাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক টানি তেওঁৰ শ্ব’ত কৰা গোস্বামীৰ বক্তব্যক লৈ মহাৰাষ্ট্ৰৰ শক্তি মন্ত্ৰী নিতীন ৰাউতে দাখিল কৰা এক অভিযোগৰ ভিত্তিত নাগপুৰৰ সদৰ বাজাৰ আৰক্ষীয়ে গোস্বামীক তলব কৰিছিল।

আৰক্ষীয়ে কয় যে তেওঁক পুৱা ৯ বজাৰ পৰা মুম্বাই আৰক্ষীয়ে এন এম যোশী মাৰ্গ আৰক্ষী থানাত জেৰা চলায় আৰু প্ৰায় ১২ঘন্টা ধৰি এই জেৰা চলে।

তেওঁৰ বিৰুদ্ধে অনা অভিযোগসমূহৰ ভিতৰত আছে সংঘৰ্ষ সৃষ্টি কৰিব পৰা ধৰণে উত্তেজিত কৰা, ধৰ্ম বা জাতিৰ ভিত্তিত দুটা গোটৰ মাজত শত্ৰুতাক উৎসাহিত কৰা, ধৰ্ম বা ধৰ্মীয় বিশ্বাসক উপলুঙা উপলুঙাৰ দ্বাৰা কোনো শ্ৰেণীৰ ধৰ্মীয় অনুভুতিক আঘাত কৰাৰ ইচ্ছাকৃত তথা অপমানজনক কাৰ্য আৰু ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত মৰ্যাদাহানিৰ অভিযোগ।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গোস্বামীৰ আবেদনৰ সঁহাৰি জনাই তিনি সপ্তাহৰ বাবে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল।

সৰ্বোচ্চ আদালতখনে নিৰ্দেশটোত কৈছিল যে তেওঁৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ, তেলেংগানা, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ৰুজু হোৱা এজাহাৰৰ ওপৰত কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ মানহানি আৰু ঘৃণাৰ উদ্ৰেককাৰী বক্তব্যৰ অভিযোগ তুলি বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে বহুকেইখন এজাহাৰ দাখিল কৰা হৈছে।