NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ক’ভিড-১৯ত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 3:52 pm
Pradan Baruah

ৰাজ্যত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতা ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমান তেওঁ দিল্লীস্থিত আৱাসত হোম আইছ’লেশ্যনত আছে।

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত অংশ লোৱাৰ বাবেই লখিমপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা দিল্লীলৈ গৈছিল।

নিয়ম অনুসৰি অধিৱেশনত অংশ লোৱাৰ পূৰ্বে জনপ্ৰতিনিধি সকলে ক’ৰ’না টেষ্ট কৰাতো বাধ্যতামূলক। সেয়ে প্ৰদান বৰুৱাইও ক’ৰ’না টেষ্ট কৰিছিল আৰু তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহে।

উল্লেখ্য যে, এই পৰ্যন্ত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ সাংসদ-বিজেপি সকল ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো জনপ্ৰতিনিধিয়ে শেষ নিশ্বাস ত্যাগ কৰিছে।

ইফালে মহামাৰী ক’ৰ’নাৰ মহাসংহাৰ চলি থকাৰ সময়তে আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশন।

ক’ভিডৰ সকলো প্ৰটোকল মানি সংসদত উপস্থিত থাকে সাংসদসকল।