NORTHEAST NOW (Assamese)
অসম

School girl Student suicide মহানগৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ আত্মহত্যা; কিহৰ বাবে আত্মহনন একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2021 4:49 pm
WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375

School girl Student suicide গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে।

চাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই কাহিলীপাৰা অঞ্চলৰ লগতে সমগ্ৰ মহানগৰীতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি, বুধবাৰে সন্ধিয়া মহানগৰীৰ কাহিলীপাৰাৰ বিনোদ দাস নামৰ ব্যক্তিজনৰ কন্যা গৰাকীয়ে আত্মহত্যা কৰে।

বিনোদ দাস চতুৰ্থ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চৰ এম টি অ’। বৰ্তমানলৈকে ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

Also Read: Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

আৰক্ষীৰ তদন্তৰ পাছতহে ছাত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা যাব।

শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ মাজতে অসমৰ লগতে সমগ্ৰ দেশতে শিক্ষাৰ্থীৰ মাজত আত্মহত্যাৰ ঘটনা বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে।