• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 4:03 pm
images-2-5-518x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Supreme Court যৌন নিৰ্যাতনৰ ক্ষেত্ৰত শৰীৰ স্পৰ্শ নকৰিলেও সেয়া পকছো (POCSO) আইনৰ আওতাত পৰিব। উচ্চতম ন্যায়ালয়ে এইকথা স্পষ্ট কৰি দিছে।

বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা ৰায় দিছিল যে ছালৰ সৈতে ছালৰ স্পৰ্শ নহ’লে সেয়া পকছো আইনৰ আওতাত নপৰে। বোম্বে উচ্চ ন্যায়ালয়ৰ সেই ৰায়ৰ সন্দৰ্ভতে এইবাৰ কঠোৰ মত প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়ে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু বেলা ত্ৰিবেদীৰ বিচাৰপীঠে মন্তব্য কৰি কয়,’’দেহৰ ছালৰ সৈতে ছালৰ স্পৰ্শ ইত্যাদি কথাৰে গুৰুত্বপূৰ্ণ এখন আইনৰ কাৰ্যকৰিতাক ক্ষুদ্ৰ কৰি তোলা হৈছে। শিশুসকলক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা পকছো আইন মষিমূৰ কৰা হৈছে।‘’

Apply Now

উল্লেখ্য যে বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ পুষ্পা গানেদিৱালাৰ দুটা ৰায়ক লৈ শেহতীয়াকৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

Also Read: জ্যেষ্ঠ সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

ইয়াৰে এটা ৰায়ত তেওঁ কৈছিল যে পোছাকৰ ওপৰেৰে শৰীৰত হাত দিলে সেয়া পকছো আইনৰ আওতাত যৌন নিৰ্যাতন বুলি ধৰা নহ’ব। যৌন নিৰ্যাতনৰ অভিপ্ৰায়েৰে ছালৰ সৈতে ছালৰ সংস্পৰ্শ হ’লেহে তাক যৌন নিৰ্যাতন বুলি ধৰা হ’ব।

সেইদৰে, আন এক গোচৰৰ ৰায়ত তেওঁ কৈছিল যে কোনো নাবালিকাৰ হাতত ধৰা বা পেন্টৰ চেইনখোলা পকছো আইনত যৌন নিৰ্যাতন নহয়।

যোৱা ২৭ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল। বোম্বে উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ৰায়ক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশে কঠোৰ মন্তব্য কৰে।

তেওঁলোকে কয়, ‘’ যৌন নিৰ্যাতনৰ অভিপ্ৰায়েৰে পোছাক বা আন ধৰণে শৰীৰ স্পৰ্শ কৰাৰ সম্পৰ্কত পকছো আইনত স্পষ্ট কৰা আছে। যিটো সহজভাৱে কোৱা আছে বোম্বে উচ্চ ন্যায়ালয়ে সেই বিষয়ে অস্পষ্ট মন্তব্য কৰিব নোৱাৰে। সংকীৰ্ণ মন্তব্যৰ ফলত এই আইনৰ উদ্দেশ্য ব্যৰ্থ হ’ব।‘’

Also Read: শ্ৰীনগৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা জম্মু-কাশ্মীৰ প্ৰশাসনৰ

উল্লেখ্য যে যোৱা ১২ জানুৱাৰীত বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে দিয়া ৰায়ৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল এটৰ্ণি জেনেৰেল কে কে বেনুগোপাল, ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্ৰ ৰাজ্যই।

বৃহস্পতিবাৰে এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশে বিষয়টো সন্দৰ্ভত এইদৰে কঠোৰ মত প্ৰকাশ কৰে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd