ডাউদ ইব্ৰাহিমৰ ‘ডি-কোম্পানী’ আৰু ছোটা শ্বাকিলৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। বৃহস্পতিবাৰে মাজ নিশা উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত দিল্লী আৰক্ষী আৰু নয়ডা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে যৌথ অভিযান চলাইছিল।
নাছিমৰ বিৰুদ্ধে হত্যা আৰু ডকাইতিকে ধৰি ২৫টাতকৈও অধিক অপৰাধমূলক গোচৰ আছিল। ইয়াৰ উপৰিও ১৬ নৱেম্বৰত উত্তৰ-পূব দিল্লীৰ খাজুৰি খাছ অঞ্চলত মন্ত্ৰী কপিল মিশ্ৰৰ কাৰ্যালয়ৰ বাহিৰত সমীৰ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত আছিল নাছিম।
কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ‘ডি-কোম্পানী’ৰ সৈতে জড়িত শীৰ্ষ পৰ্যায়ৰ গেংষ্টাৰ আছিল নাছিম দুৰানী (৩৭)। তেওঁ ডাউদৰ ঘনিষ্ঠ সহযোগী ছোটা শ্বাকীলৰো বিশ্বস্ত সহযোগী আছিল।
একাধিক গোচৰৰ অভিযুক্ত এই গেংষ্টাৰজনক আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল। অৱশেষত বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত দিল্লী আৰক্ষী আৰু নয়ডা এছটিএফৰ যৌথ এনকাউণ্টাৰত নিহত হয়।
অপৰাধ জগতত নাছিম ‘ৰিজৱান’ নামেৰেও পৰিচিত আছিল। উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ বাসিন্দা নাছিমে মূলতঃ উত্তৰ-পূব দিল্লীত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। বিভিন্ন গুৰুতৰ অপৰাধত পলাতক হৈ থকা নাছিমৰ মূৰৰ দাম আছিল ৫০ হাজাৰ টকা।
উত্তৰ-পূব দিল্লীত ড্ৰাগছৰ ব্যৱসায়, জুৱা আৰু ধন দাবীৰ নিয়ন্ত্ৰণক লৈ নাছিমৰ প্ৰতিদ্বন্দ্বী গেং হাৰুণ ছাইফি আৰু ৰাজা মেৱাতী (‘আক্কি ডন’)ৰ সৈতে দীৰ্ঘদিনীয়া সংঘাত চলিছিল। চলিত বৰ্ষৰ ২৬ মে’ত ৰাজা মেৱতীক গুলীয়াই হত্যা কৰা ঘটনাৰ মূল শ্বুটাৰ হিচাপেও নাছিমক চিনাক্ত কৰা হৈছিল।
তদন্তৰ এক সূত্ৰই জনোৱা মতে, ২০১৬ চনত ডাউদৰ ঘনিষ্ঠ সহযোগী ছোটা শ্বাকীলে নাছিম দুৰানীক কাৰাগাৰত থকা গেংষ্টাৰ ছোটা ৰাজনক হত্যা কৰাৰ দায়িত্ব দিয়া দিছিল। ইয়াৰোপৰি তদন্তকাৰীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে পাকিস্তানী-কানাড়া সাহিত্যিক তথা সাংবাদিক তাৰিক ফতাহক হত্যাৰ ভাবুকি দিয়া আৰু হত্যাৰ ষড়যন্ত্ৰ ৰচা গোচৰত নাছিম দুৰানীক গ্ৰেপ্তাৰ কৰা হৈছিল।





