• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 2:40 pm
Journalist Bhabesh Baruah died

Journalist Bhabesh Baruah died

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, অল আছাম প্ৰেছ কৰাছপণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ বুধবাৰে নিশা ১২-৪৫বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ।

১৯৫৮ চনত হৰেন্দ্ৰনাথ বৰুৱা সম্পাদিত ‘নতুন অসমীয়া’ কাকতত চিঠি লিখি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা ভৱেশ বৰুৱাই ‘দৈনিক অসম’ত ৩ বছৰ ধৰি ৰাণীৰ পৰা সংবাদদাতা হিচাপে কাম কৰিছিল।

ইয়াৰ পাছতে তেওঁ ‘নতুন দৈনিক’ত আজাৰাৰ সংবাদদাতা হিচাপে সংবাদ সেৱা অগবঢ়াইছিল। এই কাকতখন বন্ধ হোৱাৰ পাছত ‘দৈনিক অগ্ৰদূত’ত কেইবা বছৰ ধৰি সাংবাদিকতা কৰিছিল বৰুৱাই।  

Apply Now

১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত পলাশবাৰীৰ ফৰেষ্টাৰ বাংলোত জন্ম গ্ৰহণ কৰা বৰুৱাৰ পিতৃ আছিল এগৰাকী বন বিষয়া। প্ৰায় ৩৫ বছৰ ধৰি সংবাদ সেৱা আগবঢ়োৱা বৰুৱাৰ ইংৰাজী, অসমীয়া সকলোতে  দখল আছিল।

“আপকু”ৰ প্ৰতিষ্ঠাপক সাংবাদিকগৰাকীৰ মৃত্যুত “আপকু”ৰ পৰিয়াল মৰ্মাহত হৈ পৰিছে ৷ আপকুৰ পৰিয়ালৰ সকলোৱে বিশিষ্ট সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ইপিনে, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভবেশ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জাফাই ।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয়, ‘’জ্যেষ্ঠ সাংবাদিক ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সাংবাদিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুত সাংবাদিক সমাজে এক বলিষ্ঠ কণ্ঠৰ আৰু দূৰদৰ্শী, উদাৰ মনোভাৱৰ ব্যক্তি হেৰুৱালে। জাফাৰ নেতৃত্বই শোকাকুল পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে।‘’ 

আনহাতে, এক বিবৃতিত যুৱ সাংবাদিক সন্থা, অসমৰ সভাপতি চন্দন দাস আৰু সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে কয়, ‘’ৰাজ্যৰ সংবাদক্ষেত্ৰখনৰ এগৰাকী প্ৰবীণ সাংবাদিক ভবেশ বৰুৱা দেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰি তুলিছে৷ তেখেতৰ মৃত্যুত আমি যুৱ সাংবাদিক সন্থা, অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে  আত্মাৰ সদগতি কামনা কৰিলো লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰিলোঁ৷’’

সাংবাদিক ভবেশ বৰুৱা দেৱৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি যুৱ সাংবাদিক সন্থা, অসমে কয় যে তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংবাদিক সমাজে এক বলিষ্ঠ কণ্ঠ আৰু উদাৰ মনোভাৱৰ ব্যক্তিক হেৰুৱালে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd