শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ পিছত এন্থ্ৰপিকে আকাশলংঘী লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ বহুজাতিক কৃত্ৰিম বুদ্ধিমত্তা (এ আই) কোম্পানীটোৰ ষ্টকৰ মূল্য তালিকাভুক্ত হোৱাৰ সময়ত ‘ইনিছেয়েল পাব্লিক অফাৰিং’ বা আই পি অ’ৰ মূল্যতকৈ ৩৪ শতাংশ বৃদ্ধি পাইছে। কোৱা বাহুল্য যে ইয়াৰ ফলত বিনিয়োগকাৰীসকল উৎফুল্লিত হৈ পৰিছে।
বৃহস্পতিবাৰে (১৯ নৱেম্বৰ) আমেৰিকাৰ শ্বেয়াৰ বজাৰ নাছডাকত তালিকাভুক্ত হৈছিল এন্থ্ৰপিক। সেই সময়ত ইয়াৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য ১১১.৫০ ডলাৰলৈ বৃদ্ধি পায়। আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক কোম্পানীটোৱে আই পি অ’ৰ মূল্য ৮৩ ডলাৰ নিৰ্ধাৰণ কৰিছিল। অৰ্থাৎ তালিকাভুক্ত কৰাৰ সময়তে ৩৪.৩ শতাংশ বৃদ্ধি দেখা পোৱা গৈছিল।
অৱশ্যে তালিকাভুক্ত হোৱাৰ পিছত এন্থ্ৰপিকৰ শ্বেয়াৰৰ মূল্য কিছু হ্ৰাস পায়। দিনটোৰ শেষত ৯৭.১৭ ডলাৰলৈ নামি আহে। ফলত বিনিয়োগকাৰীয়ে প্ৰথম দিনাই মুঠ ১৭.০৭ শতাংশ ৰিটাৰ্ণ লাভ কৰে।
তালিকাভুক্ত হোৱাৰ সময়ত শ্বেয়াৰৰ মূল্য ৩৪ শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক আমেৰিকান ষ্টাৰ্টআপটোৰ বজাৰ মূল্য ২ লাখ কোটি ডলাৰত উপনীত হৈছে।
উল্লেখ্য যে আই পি অ’ৰ জৰিয়তে এন্থ্ৰপিকে ‘এ’ শ্ৰেণীৰ ৯৮ কোটি সাধাৰণ শ্বেয়াৰ বিক্ৰী কৰিছে। ইয়াৰে ৯৫৬ মিলিয়ন শ্বেয়াৰ ‘অফাৰ আফটাৰ চেল’ত আছিল। বাকীখিনি কোম্পানীটোৰ অংশীদাৰসকলে বজাৰত মুকলি কৰি দিছিল।
চলিত বৰ্ষৰ জুন মাহত আমেৰিকাৰ শীৰ্ষ ধনী উদ্যোগপতি ইলন মাস্কৰ মহাকাশ ভিত্তিক কোম্পানী স্পেচএক্স আমেৰিকাৰ শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছিল। সেই সময়ত তেওঁলোকে আই পি অ’ৰ জৰিয়তে ৭,৫০০ কোটি ডলাৰ সংগ্ৰহ কৰিছিল। ইমানদিনে সেইটোৱে অভিলেখ আছিল। অৱশ্যে এন্থ্ৰপিকে এইবাৰ সেইটো ভাঙি পেলালে। আমেৰিকাৰ এই কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক কোম্পানীটোৱে আই পি অ’ৰ জৰিয়তে ৮,১০০ কোটি ডলাৰ সংগ্ৰহ কৰিছে।





