NORTHEAST NOW (Assamese)
দেশ

পঞ্চতাৰকা যুক্ত হোটেলত বহি থকা সকলে প্ৰদূষণৰ বাবে দোষাৰোপ কৰে কৃষকক: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2021 4:36 pm
Supreme Court says 'People sitting in 5-star hotels blame farmers'

দিল্লীৰ বায়ু প্ৰদূষণ সংকট সন্দৰ্ভত এক শক্তিশালী স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আজি বিষয়টোৰ শুনানি গ্ৰহণ কৰি কয় যে দিল্লীৰ ৫ তাৰকা হোটেলত বহি থকা সকলে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে কৃষকসকলক দোষাৰোপ কৰি আহিছে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সূৰ্য কান্তে আজি কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে।

“আমি কৃষকসকলৰ দুৰ্দশা দেখিছো । পঞ্চতাৰকা, সপ্ততাৰকা হোটেলত বাহৰ পতা ধনৱন্ত লোকসকলে প্ৰদূষণৰ ক্ষেত্ৰত ৪০ শতাংশ অৰিহণা যোগায়,কিন্তু সেইয়া স্বীকাৰ নকৰে আৰু প্ৰদূষণৰ বাবে কৃষকসকলক জগৰীয়া কৰে। অথচ নিষেধাজ্ঞাৰ স্বত্বেও আতচবাজী জ্বলি থকাৰ কথাটো আমি উপেক্ষা কৰোঁ?” উচ্চতম ন্যায়ালয়ে আজি কয়।

উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ দাখিলৰ প্ৰতি সঁহাৰি জনায়, য’ত উল্লেখ কৰা হৈছে যে কৃষকসকলে পৰা জ্বলোৱাটো বায়ু প্ৰদূষণৰ অন্যতম অৱদানকাৰী আছিল যাক সমাধান কৰিব লাগিব আৰু বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি উল্লেখ কৰিব লাগিব।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাই মন্তব্য কৰে যে চৰকাৰ কিছু দায়িত্ব থাকিব লাগিব। ন্যায়িক আদেশৰ জৰিয়তে সকলো কৰিব নোৱাৰি। দেৱালীৰ পিছতো ১০ দিনলৈকে দিল্লীত কিয় আতচবাজী জ্বলাবলৈ অনুমতি দিয়া হৈছিল বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে।

বিচাৰপীঠে পুনৰ কৈছিল যে কৃষকসকলক শাস্তি দিয়াৰ প্ৰৱণতা নাই আৰু চৰকাৰে তেওঁলোকক নৰা জ্বলোৱা বন্ধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নৰা জ্বলোৱাৰ বাবে বায়ু প্ৰদূষণ সন্দৰ্ভত দিল্লীৰ এজন ১৭ বছৰীয়া ছাত্ৰৰ দ্বাৰা দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।