NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে সাংসদ কামাখ্যা তাচাৰ কেন্দ্ৰলৈ এক বিশেষ আহ্বান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 28, 2020 12:32 pm

ক’ভিদ-১৯ ৰোগ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়তে সাম্ভাব্য বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাচা। বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এক বিকল্প পথৰ পৰামৰ্শও দিছে সাংসদ গৰাকীয়ে।

এই উদ্দেশ্যেৰেই সোমবাৰে কাজিৰঙাত উপস্থিত হৈ সাংসদ গৰাকীয়ে আগন্তুক বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ল’ব লগীয়া কাৰ্য ব্যৱস্থাৰ প্ৰসংগত তেওঁ উদ্যান কৰ্তৃপক্ষৰ সতে আলোচনাত মিলিত হয়।

সাংসদ গৰাকীৰ মতে জনসাধাৰণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰো প্ৰয়োজনীয়তা আছে। কাজিৰঙাত যদি জীৱ-জন্তুৰ হানি হয় তেতিয়া আমাৰ দুখ হয় সেয়েহে বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক কিদৰে সুৰক্ষিত কৰিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক মই জনাইছো বুলি মন্তব্য কৰে সাংসদ কামাখ্য প্ৰসাদ তাচাই।

সাংসদ তাচাই আৰু  জানিব দিয়া মতে উজনিৰ পৰা অহা গাড়ীবোৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে নানি ডিব্ৰুগডৰ পৰা বগীবিল হৈ আৰু নামনিৰ পৰা যোৱা গাড়ীবোৰ কলিয়াবৰৰ পৰা তেজপুৰহৈ ৫২ নং ৰাষ্ট্ৰীয় পথেৰে চলাবল কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰক।

এই প্ৰসংগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গভীৰ ভাৱে চিন্তা কৰা বুলিও তেওঁ জনায়।

আগন্তুক বানপানীৰ প্ৰসংগত তেওঁ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যোৱা যান-বাহনৰ গতি নিয়ন্ত্ৰনত কঠোৰ হ’বৰ বাবে কাজিৰঙা কৰ্তৃপক্ষক আহ্বান জনায়। বানপানীৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত কৰ্তব্যৰত বনকৰ্মীৰ সুৰক্ষাৰ বাবে পথৰ কাষত অধিক নিৰাপত্তা চকী নিৰ্মানৰ বাবেও তেওঁ পৰামৰ্শ প্ৰদান কৰে।

আলোচনাত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰীয়ে কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা কালভাৰ্টবোৰ শীঘ্ৰেই বহল আৰু ওখ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই সাংসদ কামাখ্যা তাচাই এই সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰি দিবৰ বাবে চিকিৎসক জনক অনুৰোধ কৰাৰ লগতে এই সম্পৰ্কত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।