অভাৱগ্ৰস্ত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দীৰ্ঘদিন চলি থকা লকডাউনে দৰিদ্ৰ তথা শ্ৰমজীবী পৰিয়াল সমূহলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে তিনিচুকীয়া জিলাৰ একাংশ দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ বাবে আগবাঢি আহিল ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখা৷
মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ লাকলা, ফুলবাৰী, টিংকুপথাৰ, জাগুন, লিডু, মাকুমপথাৰ, ডিগবৈ, বগাপানী, টিংৰাই, ডুমডুমা ৰাজহচক্ৰৰ কেইবাখনো গাঁৱৰ আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ মাজত তিনিদিনৰ বাবে চাউল, দাইল, আলু, মিঠাতেল, নিমখ, চাবোন আদি খাদ্য সামগ্ৰী বিতৰকণ কৰে।
এই পৰ্যন্ত ১০৫৬টা পৰিয়ালক ৰেড ক্ৰছ ছচাইটিৰ সদস্য সকলে ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ উপৰি মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ কেইবাদিনো ধৰি হাইপক্লৰাইড আৰু ফেনাইল সংমিশ্ৰণেৰে চেনিটাইজ কৰে৷
ছ’চাইটিৰ সম্পাদক পবিত্ৰ বৰগোহাঁঞিৰ নেতৃত্বত জনসাধাৰণৰ ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা বুলিও জানিবলৈ দিয়ে।
তদুপৰি ছ’চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত “প্ৰতিৰোধ“ নামে মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, জাগুন, ডিগবৈৰ বিভিন্ন স্থানত সজাগতা অভিযান চলাই জনসাধাৰণক চাবোন আৰু চেনিটাইজাৰ প্ৰয়োগেৰে হাত ধুবলৈ দিয়াৰ লগতে মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান মানি চলি চৰকাৰী নিৰ্দেশনা সমূহ অনুকৰণ কৰিবলৈ পৰামৰ্শ দিয়ে৷
ৰেড ক্ৰছ ছ’চাইটিৰ এনে কাৰ্যসূচী অনাগত দিনটো চলি থাকিব বুলি সন্থাৰ সম্পাদকে আজি সংবাদমাধ্যমক জানিবলৈ দিছে৷