NORTHEAST NOW (Assamese)
অসম

অকল টকাৰেই নহয়, ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2022 3:29 pm
অকল টকাৰেই নহয়, ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ ৰেকৰ্ড পতন ঘটাৰ পিছত এইবাৰ ব্ৰিটিছ পাউণ্ডৰ মূল্যৰো ৰেকৰ্ড পতন ঘটিছে। সপ্তাহটোৰ আৰম্ভণিতে সোমবাৰে পুনৰ ভাৰতীয় টকাৰ ৰেকৰ্ড পতন ঘটিছে।

সোমবাৰে প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে ৮১ টকা ৪৭ পইচা। এয়া এতিয়ালৈকে সৰ্বনিম্ন। যোৱা শুকুৰবাৰে প্ৰতি ডলাৰত ভাৰতীয় টকাৰ মূল্য আছিল ৮০ টকা ৯৯ পইচা।

লগতে পঢ়ক: যোগীৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড: সুৰা পান কৰিবলৈ বাধ্য কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ

শেহতীয়াকৈ ব্ৰিটেইন চৰকাৰে কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই ডলাৰৰ বিপৰীতে পাউণ্ডৰ মূল্য হ্ৰাস পাইছে। কিন্তু পাউণ্ডৰ মূল্য হ্ৰাস হোৱাৰ বাবে আমেৰিকান ডলাৰৰ আধিপত্যকো আংশিকভাৱে দোষাৰোপ কৰা হৈছে।

বাতৰি মতে, সোমবাৰে ব্ৰিটিছ পাউণ্ডৰ মূল্য ১.০৩ ডলাৰলৈ হ্ৰাস পাইছিল যদিও তাৰ পিছত ই সামান্য বৃদ্ধি হৈ ১.০৬ ডলাৰ হয়।

শুকুৰবাৰে ব্ৰিটিছ বিত্ত মন্ত্ৰীয়ে কোয়াসি-কোৱাৰ্টেং-য়ে কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। এইটোৱে জীৱন যাপনৰ ব্যয় বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইপিনে, দেশৰ বিৰোধী লেবাৰ পাৰ্টিয়ে কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছে।

লগতে পঢ়ক: দিল্লী ট্ৰেফিক পুলিচৰ আন এক চমক: এইবাৰ পথ সুৰক্ষাৰ বিজ্ঞাপনত ওলাল দীপ্তি শৰ্মাৰ মানকাড উইকেটৰ কৌশল

প্ৰাক্তন ব্ৰিটিছ বিত্ত মন্ত্ৰী লৰ্ড কেন ক্লাৰ্কে চৰকাৰৰ কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছে। তেওঁ দাবী কৰিছে যে সিদ্ধান্তটোৱে পাউণ্ডৰ মূল্য আৰু হ্ৰাস কৰিব পাৰে।