NORTHEAST NOW (Assamese)
অসম

আশ্চৰ্য! মণ্ডল আৰু চক্ৰ বিষয়াৰ ছত্ৰছায়াত ম্যাদী পট্টাৰ ১০০ বিঘা মাটি চমজাই দিলে অন্য লোকক

Posted by: মীনাক্ষী ফুকন, গোলাঘাট September 18, 2021 11:24 am
Golaghat revenue circle office

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পিছত পোহৰলৈ আহিছে বহু ভয়ংকৰ মাটিৰ কেলেংকাৰীৰ তথ্য।

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত দক্ষিণ হেঙ্গেৰা কাঠনি পথাৰত নাইকীয়া হ’ল ১০০  বিঘা ম্যাদী পট্টাৰ মাটি।

জানিব পৰা মতে অঞ্চলটোত টকী হাজৰিকা নামৰ এজন ব্যক্তিৰ নামত আছিল উক্ত মাটি খিনি।

Latest News: অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা

চাকৰি সুত্ৰে পৰিয়ালটোৰ সকলো লোক বাহিৰত আছিল যদিও  এতিয়া ঘৰলৈ আহি দেখে যে তেওঁলোকৰ ১০০  বিঘা মাটি অন্য লোকৰ নামত নামজাৰী কৰি দিয়া হ’ল।

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দুজনমান দুৰ্নীতি পৰায়ণ মণ্ডল আৰু পূৰ্বৰ চক্ৰ বিষয়াৰ আশীৰ্বাদতে ১০০ বিঘা ম্যাদী পট্টাৰ মাটি গৰাকীৰ অজ্ঞাতে চমজাই দিলে অন্য লোকক।

এতিয়া নিজৰ ম্যাদী পট্টাৰ মাটি বিচাৰি গোলাঘাট চক্ৰ বিষয়া কাৰ্য্যালয়ত হাহাকাৰ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।