NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা,থিতাতে নিহত দুজন

Posted by: নৰ্থ ইষ্ট নাও September 18, 2021 11:56 am
Accident

Nagaon Accident : মধ্য অসমৰ নগাঁও জিলাত আজি পুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

Nagaon Accident: জানিব পৰা মতে, নগাঁৱৰ ডিমৰুগুৰিত এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। এই দুৰ্ঘটনাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হয় আৰু আন দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

Latest News: অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা

নিহত ব্যক্তি কেইজনক হিমাংশু কাকতি আৰু ৰাধা গোবিন্দ বৰা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আহত মানৱজ্যোতি শইকীয়া আৰু ছিনাশু আগৰৱালাক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে নিহত ব্যক্তি কেইজনৰ শ পোষ্টমৰ্টেম পৰীক্ষাৰ বাবে পঠোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।